ভাৰত বাংলা সীমান্ত ছীল কৰিব কিয় পৰা নাই এতিয়াও ? ছাত্র সন্থাৰ ক্ষোভ


 

খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষাৰ স্বাৰ্থত সময় নির্ধাৰিত কাৰ্যসূচীৰে অসম চুক্তি ৰূপায়ণৰ বাবে পুনৰ দাবী উত্থাপন কৰিলে সদৌ অসম ছাত্র সস্থা, আছুই। ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হোৱাৰ ৩১ বছৰ সম্পূর্ণ হোৱাৰ প্রাক্মুহুর্তত চুক্তিখন ৰূপায়ণৰ দাবীত আজি সৰৱ হৈ পৰে সংগঠনটো। আছুৰ গুৱাহাটীস্থ ছহিদ ন্যাসত আজি এখন সংবাদমেল সম্বোধন কৰি ছাত্র সংগঠনটোৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্য সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে চুক্তিখন আজিকোপতি ৰূপায়ণ নোহোৱাৰ বাবে কেন্দ্র তথা ৰাজ্য শাসনৰ গাদী দখলৰ সুবিধা লাভ কৰা প্রতিটাে ৰাজনৈতিক দলকে আক্রমণৰ লক্ষ্য কৰি লয়। আছুৰ মুখ্য উপদেষ্টা ড° ভট্টাচাৰ্যই কয় যে প্রায় সকলো দলেই দিল্লী-দিছপুৰত চৰকাৰ গঠন কৰিলে। কিন্তু ঐতিহাসিক অসম চুক্তিখনক প্রকৃতপক্ষে ৰূপায়ণৰ বাবে আজিকোপতি কোনেও সদিচ্ছা প্রকাশ কৰা নাই। সেয়ে চুক্তিখনে ৩১ বছৰ সম্পূর্ণ কৰাৰ প্রাক্মুহুর্তত প্রতিটাে ৰাজনৈতিক দলে হাতে-কামে স্পষ্ট কৰি দেখুৱাব লাগে যে তেওঁলোক সঁচাকৈয়ে খিলঞ্জীয়াৰ স্বার্থত নে বিদেশীৰ স্বার্থত। কাৰণ অসমক লৈ উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয়ো চিন্তিত। উচ্চতম ন্যায়ালয়ে কৈছে অসমত বহিৰাগতৰ আগ্রাসন হৈছে। ন্যায়ালয়ে মত পোষণ কৰিছে যে অসমত বিদেশীয়ে কিং মেকাৰ’ হ'ব। ইয়াৰ পিচতো অসম চুক্তিৰ মূল বিদেশী নাগৰিকৰ সমস্যাটােৰ স্থায়ী সমাধান নহ’ল। যোৱা ৩১ বছৰে অসম চুক্তিমৰ্মে অবৈধ বিদেশীৰ বহিষ্কাৰ নহ’ল, ভোটাৰ তালিকাৰ পৰা নাম কর্তন নহ’ল। আনকি অবৈধ বিদেশী অহা বাটটোও বন্ধ নহ’ল। সীমান্ত উন্মুক্ত হৈ ৰ’ল। অবৈধ বাংলাদেশীৰ লগতে মৌলবাদী অসমত প্রৱেশ কৰিব পৰা হ’ল। অসম চুক্তিৰ ৬নং দফা অনুসৰি অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষাকৱচ প্রদান কৰা নহ’ল। ৭নং দফা অনুসৰি অসমৰ সামগ্রিক অর্থনীতি উন্নয়নৰ ফলপ্রসূ পদক্ষেপ লোৱা নহ’ল। জনজাতীয় বেল্ট, ব্লক, চৰকাৰী মাটি, বনাঞ্চল ৰক্ষণাবেক্ষণৰ ব্যৱস্থা লোৱা নহ’ল। আনকি অশোক কাগজ কলটোকো ৩১ বছৰে দিল্লী-দিছপুৰৰ চৰকাৰ মুকলি কৰাত ব্যর্থ হ’ল। তেওঁ কয় যে ভাৰত-বাংলাদেশৰ অসম খণ্ডৰ ২৮৬ কিলোমিটাৰ স্থল আৰু জল সীমান্ত ছল কৰিব নোৱৰাটো ৩১ বছৰে শাসনত থকা সকলো দলৰ দিল্লী, দিছপুৰৰ চৰকাৰসমূহৰ এক অক্ষমণীয় অপৰাধ৷ তেওঁ কয় যে সীমান্ত ছীল নকৰাৰ বাবে অসম জেহাদী আৰু মৌলবাদীৰ ট্রেনজিট কেম্পত পৰিণত হৈছে। সেয়ে দেশৰ অখণ্ডতা আৰু সার্বভৌমত্ব ভাৰত-বাংলা সীমান্তত অনুপ্রৱেশকাৰীক দেখিলেই গুলী কৰাৰ নির্দেশ দিবলৈ দাবী জনায়। ড° ভট্টাচাৰ্যই কয় যে ছাত্র সন্থাৰ আন্দোলনৰ হেচাত অসম চুক্তিৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সিদ্ধান্ত হৈছিল। সেই সময়ৰ উভয় চৰকাৰে ইয়াক কার্যকৰী নকৰিলে। উচ্চতম ন্যায়ালয়ৰ নির্দেশত আৰু তদাৰকত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে। উন্নীত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অসমৰ খিলঞ্জীয়া মানুহৰ এক অন্যতম ৰক্ষাকৱচ হ'বগৈ। অবৈধ বাংলাদেশীয়ে ভুল তথ্যৰে নিজৰ নামৰ নাগৰিকপঞ্জীত অন্তর্ভুক্ত কৰিবলৈ ষড়যন্ত্র অব্যাহত ৰাখিছে। কোনো অবৈধ বাংলাদেশীয়ে যাতে ভুল তথ্যৰে জাল নথি-পত্ৰৰে নিজৰ নাম উন্নীত নাগৰিকপঞ্জীত অন্তর্ভুক্ত কৰিব নোৱাৰে তাৰ বাবে পানী নসৰকা বিধৰ পদক্ষেপ চৰকাৰ, কর্তৃপক্ষই গ্রহণ কৰিবই লাগিব। নাগৰিকপঞ্জী উন্নীতকৰণত ছাত্র সস্থা আৰু ২৭টা জনগোষ্ঠীয় সংগঠনে সম্পূর্ণ সহযোগ অব্যাহত ৰাখিছে। খিলঞ্জীয়াৰ বিৰুদ্ধে চলা ষড়যন্ত্রক প্রতিহত কৰিবলৈ সেয়ে জনগোষ্ঠীয় সংগঠনকেইটাৰ স’তে লগ লাগি তথা অসমৰ ৰাইজৰ সমৰ্থনত অবিৰতভাৱে যুঁজি যোৱাৰ হুংকাৰ দিয়ে সংগঠনটোৱে। আনহাতে সংগঠনটোৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয় যে বিভিন্ন জাতি-জনজাতি-ধর্মাৱলম্বী লোকেৰে গঠিত অসমৰ খিলঞ্জীয়া মানুহৰ প্রভুত্ব অসমত থাকিবই লাগিব। তাৰ বাবে অসম চুক্তিৰ ৬নং দফা অনুসৰি অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষাকৱচ লাগিবই। স্থানীয় নিকায়, বিধানসভা, সংসদত ১০০ শতাংশ আসন অসমৰ খিলঞ্জীয়া মানুহৰ বাবে সংৰক্ষণ হব লাগিব। মাটিৰ ওপৰত অধিকাৰ লাগিব। সত্ৰ, বুৰঞ্জীপ্রসিদ্ধ অঞ্চল আৰু কীর্তিচিহ্নসমূহৰ সংৰক্ষণ হব লাগিব। কেন্দ্রীয় চৰকাৰৰ কাৰ্যালয়ত অসমৰ ১০০ শতাংশ যুৱক-যুৱতীৰ মকৰলৰ ব্যৱস্থা হ’ব লাগিব। মাটি আৰু সম্পদৰ অধিকাৰসহ অসমক বিশেষ সাংবিধানিক মর্যাদাৰ প্রয়োজন। অসমত ইনাৰলাইন ব্যৱস্থা আৰু দ্বৈত নাগৰিকত্ব ব্যৱস্থাৰ প্রয়োজন। মুঠতে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষা কৰিব পৰাকৈ সকলোধৰণৰ সাংবিধানিক ৰক্ষাকৱচ লাগিব। অসম চুক্তিৰ ৭নং দফা অনুসৰি অসমৰ অর্থনৈতিক উন্নয়নৰ ব্যৱস্থা লব লাগিব। অসমৰ অৰ্থনৈতিক ভেটি ভাঙি চূৰমাৰ কৰি পেলোৱা অসমৰ বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্রীয় সমস্যা হিচাপে সমাধান কৰিব লাগিব। মাজুলীৰ সুৰক্ষা নিশ্চিত হব লাগিব। নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ বাবে ফলপ্রসূ ব্যৱস্থা ল’ব লাগিব। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক সুকীয়া নিয়োগ মণ্ডল, অর্থনৈতিক মণ্ডল হিচাপে গণ্য কৰিব লাগিব। অসমৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ সকলোধৰণৰ পদক্ষেপ ল’ব লাগিব। ছাত্র-ছাত্ৰীৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ প্রতি লক্ষ্য ৰাখি অসমত ৰাষ্ট্ৰীয় স্তৰৰ বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ শিক্ষানুষ্ঠান স্থাপন কৰিব লাগিব। সংগঠনটোৱে পুনৰ স্পষ্ট কৰে যে অসমৰ খিলঞ্জীয়া মানুহে নিজৰ পৰিচয়, অস্তিত্ব ৰক্ষাৰ লগতে অসমত নিজৰ প্রভুত্ব ৰক্ষাৰ বাবে ৩৭ বছৰে সংগ্রাম অব্যাহত ৰাখিছে। কিন্তু ৰাজনীতিকসকলে বিষয়টোত চূড়ান্ত অৱহেলা প্রদর্শন কৰি আহিছে। বিশেষকৈ অসম চুক্তি ৰূপায়ণক লৈ এইবাৰো সংসদত মৌন হৈ থকা অসমৰ সাংসদসকলক ধিক্কাৰ দিয়ে আছুৱে। এই সন্দর্ভত ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক দৃঢ় পদক্ষেপ গ্রহণ কৰিবলৈ দাবী জনায় ছাত্র সংগঠনটোৱে। ইফালে, চুক্তি সম্পাদনৰ ৩১ বছৰ সম্পূর্ণ হোৱাৰ পিচত চুক্তিখন ৰূপায়ণ নোহোৱাৰ বাবে ১৪ আগষ্টৰ সন্ধিয়া প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব আছুৱে। সমগ্র অসমৰ প্ৰতিখন জিলা, মহকুমা, আঞ্চলিক ছাত্র সস্থাই নিজ নিজ এলেকাৰ ৰাজহুৱা স্থানত ৰাইজৰ সহযোগত অসম আন্দোলনৰ ছহিদসকলক শ্রদ্ধাঞ্জলি জনাই ৮৫৫ গছি বন্তি জ্বলাব। অসম আন্দোলনৰ ছহিদৰ ত্যাগক অথলে যাবলৈ নিদিওঁ শ্ল’গানেৰে ছাত্র সন্থাৰ কর্মকর্তাসকলে ছহিদসকললৈ শ্রদ্ধাঞ্জলি জনাই অসম চুক্তি ৰূপায়ণেৰে অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয়-প্রভুত্ব ৰক্ষাৰ বাবে পুনৰ সংকল্প গ্রহণ কৰিব।

Share on Google Plus

About Unknown

0 comments:

Post a Comment