কোনো কৰ্মচাৰীৰ দৈনিক বা মাহিলী দৰমহা দিয়াৰ বাবে Cheque ব্যৱহাৰ কৰাটো অতি পুৰণি প্ৰথা ৷ আগৰ দিনত আজিৰ দৰে অতি উন্নতমানৰ সুৰক্ষিত বেংক চেক নাছিল যদিও কোনো লোকক কিবা পৰিশোধ কৰিবলৈ হ'লে মাটিৰ ফলি, কাঠৰ টুকুৰা আদিত লিখি তাক Cheque হিচাবে ব্যৱহাৰ কৰা হৈছিল ৷ এইখন বৰ্তমানলৈ উদ্ধাৰ হোৱা বিশ্বৰ আটাইতকৈ পুৰণি Cheque. আজিৰ পৰা প্ৰায় 5000 বছৰ আগতে মাটিৰ ফলিত লিখা এই চেকখন কোনো এক শ্ৰমিকক তেওঁৰ মজুৰি হিচাবে দিয়া হৈছিল ৷ খ্ৰীষ্টজন্মৰ 3300 বছৰ আগৰ এই মাটিৰ ফলকখন ইৰাকৰ উৰুক চহৰত উদ্ধাৰ কৰা হৈছে ৷ এই ফলকখনত উল্লেখ কৰা মতে কৰ্মচাৰীজনক তেওঁৰ কামৰ বিনিময়ত কোনো মুদ্ৰা নিদি বিয়েৰ ( Beer ) দিয়া হৈছে ৷ অতি প্ৰাচীন কালত মেছোপটেমিয়াত কৰ্মচাৰী সকলক দৰমহা হিচাবে Beer ও প্ৰদান কৰা হৈছিল ৷ এনে মাটিৰ ফলকত কৰ্মচাৰীজনে কিমান পৰিমানৰ বিয়েৰ পাব সেয়াও উল্লেখ কৰা থাকিছিল ৷
(যুগুতালে :: অলকেশ ভাগৱতী, গুৱাহাটী)
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment