কোকৰাঝাৰৰ ঘটনাৰ আঁৰত কোন জড়িত?? কিহৰ বাবে এই হত্যা লীলা ??

কোকৰাঝাৰত কি ঘটিছিল ?? কোনে সংঘটিত এই অমানবীয় কাণ্ড?? এইয়াই হৈছে আজিৰ দিনৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন??

       কোকৰাঝাৰ চহৰৰ বলাজান, তিনিআলীৰ সাপ্তাহিক বজাৰত কালি সন্ত্ৰাস চলালে অচিনাক্ত দুৰ্বৃত্তই৷ য'ত থিতাতে ১৪ জনৰ প্ৰাণহানি হয়৷ আৰু ১৬ জন আহত হয়৷ নিহত সকলৰ ভিতৰত এজন সন্ত্ৰাসবাদী৷ প্ৰাপ্ত বাতৰি মতে, মুম্বাইৰ "তাজ-হোটেল"ৰ কায়দাত সুসজ্জিত সন্ত্ৰাসবাদীয়ে সেনাৰ পোছাকত(এজনে ৰেইন কোট পিন্ধিছিল), মুখত ক'লা কাপোৰ পৰিধান কৰি, ভুৱা নম্বৰ-প্লেটৰ এখন "টেম্প" গাড়ীৰে আহি সাধাৰণ মানুহৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰে আৰু গ্ৰেণেড বিস্ফোৰণ কৰে৷ ঘটনাস্থলীত এজন সন্ত্ৰাসবাদীৰ মৃতদেহো উদ্ধাৰ হয়৷ এতিয়া প্ৰশ্নটো হ'ল,"এই সন্ত্ৰাসবাদী বোৰৰ পৰিচয় কি?"

ক) NDFB(S) জড়িত নেকি?
=> ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা সন্ত্ৰাসবাদী জন NDFB(S) ৰ লগত জড়িত বুলি শীৰ্ষ আৰক্ষী বিষয়াই অৱগত কৰিছে৷ নিহত সন্ত্ৰাসবাদী জনৰ ফোন কলৰ তালিকা আৰু তেওঁৰ মোবাইলত উদ্ধাৰ হোৱা ফটো বোৰৰ পৰা সন্ত্ৰাসবাদী জন যে NDFB(S) ৰ লগত জড়িত সেয়া অনুমান কৰিব পাৰি৷
খ) কিয় আক্ৰমণ কৰিলে NDFB(S) য়ে
=> বিগত কিছু দিনৰ পৰা NDFB(S) ৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা নিৰন্তৰ যুদ্ধংদেহী ব্যৱস্থাই সংগঠনটোক বিপদত পেলাইছে৷ ভাৰত-ভুটান সীমান্তত সংগঠনটোৰ বিৰুদ্ধে চলোৱা আক্ৰমণ সমুহে চৰম সংকটত পেলাইছে সংগঠনটোক৷ ৰাইজক ভীতিগ্ৰস্ত কৰি নিজৰ অস্তিত্ব প্ৰমাণ কৰিবলৈ NDFB(S) য়ে এনে কৰিব পাৰে৷ আকৌ ভাৰত-ভুটান সীমান্তত সংগঠনটোৰ শীৰ্ষ নেতা সকল বিপদত পৰা বাবে আৰক্ষীৰ দৃষ্টি আতৰাবৰ বাবেও এই ঘটনা সংঘটিত কৰিব পাৰে৷
গ) NDFB(S) য়ে কি কয়?
=> সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী, NDFB(S) ৰ সাধাৰণ সম্পাদক বি.আৰ. ফেৰেংগাই এই ঘটনাত তেওঁলোক জড়িত নহয় বুলি জনাইছে৷
ঘ) এই ঘটনাত জড়িত নেকি মৌলবাদী সন্ত্ৰাসবাদী
=> মৌলবাদী সন্ত্ৰাসবাদীৰ কৌশলেৰে আক্ৰমণ চলোৱা দিশলৈ চাই এই ঘটনাত মৌলবাদী শক্তি জড়িত থকা বুলিও অনুমান কৰিব পাৰি৷ সঁচা কথাটো হ'ল, অসমত আজিলৈ এনে ধৰণৰ কুটাঘাত সংঘটিত হোৱা নাছিল৷ মুম্বাইৰ "তাজ-হোটেল" কাণ্ডৰ দৰেই সংঘটিত হৈছিল কুটাঘাট৷ তাৰোপৰি ঘটনাস্থলীৰ ভৌগোলিক অৱস্থান, যাতায়তৰ দিশ আৰু জনগাঁঠনিলৈ চাই মৌলবাদীৰ হাত থকা বুলি প্ৰত্যক্ষ দৰ্শী সকলে মতপোষণ কৰিছে৷ NDFB(S) ৰ এজন পথভ্ৰষ্ট কেডাৰক মৌলবাদীয়ে ব্যৱহাৰ কৰি আনক বদনাম কৰি নিজৰ অভীষ্ট সিদ্ধি কৰিবও পাৰে!
ঙ) মৌলবাদীয়ে কিয় সংঘটিত কৰিব কুটাঘাত
=> অসমত নিজৰ খোপনি সুদৃঢ় কৰিবলৈ মৌলবাদীয়ে এনে কুটাঘাত কৰিব পাৰে৷ তাৰোপৰি ২০১২ ৰ প্ৰতিশোধ ল'বলৈ আৰু অসম চৰকাৰক অস্থিৰ কৰি তুলিবলৈও এই কাৰ্য সংঘটিত কৰিব পাৰে৷ চৰকাৰ গঠন হোৱাৰ ঠিক পিছতে ISIS য়ে মুকলি কৰা Video টো আমি আওঁকাণ কৰিলে নহ'ব৷ বিপদত পৰা NDFB(S) ক নিজৰ কু-অভিপ্ৰায় পূৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰে মৌলবাদী সন্ত্ৰাসবাদীয়ে৷ আজিৰ কুটাঘাতটোত আত্মঘাতী  মনোভাৱেৰে সংঘটিত কৰা হৈছিল৷ যিটো অসমৰ প্ৰেক্ষাপটত অভুতপূৰ্ব৷
চ) ধুবুৰীত বোমা উদ্ধাৰ
=> কিছু সময় পূৰ্বে ধুবুৰীৰ তামাৰহাটৰ ভেটা-পেটলী গাঁৱত দুটি শক্তিশালী বোমা উদ্ধাৰ হয়৷ কোকৰাঝাৰৰ ঘটনাৰ লগত এই বোমা উদ্ধাৰৰ ঘটনাটোৰ ক'ৰবাত মিল আছে নেকি? অৱশ্যে এটা কথা দৃঢ়তাৰে ক'ব পাৰি যে নামনি অসমত যে সন্ত্ৰাসবাদী কাৰ্যকলাপ ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে৷ অতি কম দিনৰ ভিতৰতে হয়তো আৰু ভয়ংকৰ কুটাঘাত ঘটিব পাৰে নামনি অসমত৷ এয়া আমাৰ শংকা৷
ছ) বিফল চোৰাংচোৱা
=> সঁচা কথা ক'বলৈ গ'লে, অসমৰ গৃহবিভাগৰ চোৰাংচোৱাৰ চৰম বিফলতাৰ ফলতেই সংঘটিত হ'ল আজিৰ এই নৰ-হত্যা কাণ্ড৷ চোৰাংচোৱাৰ হাতত নামনি অসমত যে সন্ত্ৰাসবাদীৰ কুচকাৱাজ চলি আছে সেয়া খবৰ নাই নেকি? অনাগত ১৫ আগষ্টৰ বাবে চোৰাংচোৱা সংস্থাবোৰ সষ্টম হৈ থকা নাই নেকি?
জ) সফল হ'ল আৰক্ষী
=> অভুতপূৰ্ব ধৰণে অতি কম সময়ৰ ভিতৰতে অসম আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ এজন সন্ত্ৰাসবাদীক গুলিয়াই নিহত কৰে আৰু ঘটনাটো নিজৰ আয়ত্বলৈ আনে৷ পূৰ্বে এনে সফলতা অসম আৰক্ষীয়ে পোৱা নাছিল৷
( সঁচা কথা:: True Speechৰ সৌজন্যত)

Share on Google Plus

About Unknown

0 comments:

Post a Comment