জানি লোৱাটো ভাল ::: ৱাটছএপে সলনি কৰিছে গোপনীয়তাৰ নীতি


জনপ্ৰিয় মেছেজিং এপ্লিকেশ্যন হোৱাটছ এপে সলনি কৰিলে ইয়াৰ গোপনীয়তাৰ নীতি ৷ এতিয়াৰে পৰা হোৱাটছ এপে ইয়াৰ গৰাকী প্ৰতিষ্ঠান ফে'চবুকৰ সৈতে ব্যৱহাৰকাৰীৰ তথ্য-পাতিসমূহ বিনিময় কৰিব বুলি জনাইছে ৷ উল্লেখ্য যে যোৱা ২০১৪ চনত ফে'চবুকে হোৱাটছ এপ ক্ৰয় কৰাৰ সময়ত ব্যৱহাৰকাৰীৰ কোনোধৰণৰ তথ্য-পাতি ফে'চবুকৰ সৈতে বিনিময় নকৰে বুলি ঘোষণা কৰিছিল ৷ কিন্তু এতিয়াৰে পৰা ব্যৱহাৰকাৰীৰ ফোন নম্বৰ আৰু ডিভাইচৰ তথ্য-পাতি ফে'চবুকৰ সৈতে বিনিময় কৰিব হোৱাটছ এপে ৷ ফে'চবুকৰ প্লেটফৰ্মত বিজ্ঞাপনৰ প্ৰচাৰ বৃদ্ধিৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে হোৱাটছ এপে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত বিজ্ঞাপন প্ৰতিষ্ঠানসমূহক ব্যৱহাৰকাৰীৰ মোবাইলৰ তথ্য-পাতিসমূহ আগবঢ়োৱা হ'ব যদিও কোনো ব্যক্তিগত বাৰ্তা বিনিময় কৰা নহ'ব বুলি আশ্বাস প্ৰদান কৰিছে হোৱাটছ এপে ৷ অৱশ্যে আপুনি ইচ্ছা কৰিলে Privacy Settings লৈ গৈ তথ্য-পাতি বিনিময় বন্ধ কৰি ৰাখিব পাৰিব ৷
(Ashok Kumar Das  দাসলৈ ধন্যবাদ )
Share on Google Plus

About Unknown

0 comments:

Post a Comment