কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে এখনি সভাত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু গৃহ মন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলক স্বাধীনতা আন্দোলনত ফাঁচি কাঠত ওলোমোৱা হৈছিল । দেশৰ বাবে প্ৰণ আহুতি দিয়া নেহৰু আৰু পেটেলক শ্বহীদ হিচাবে তেওঁ সেয়ে অভিহিত কৰে। তেওঁ লগতে নেতাজী সুভাষ চন্দ্ৰ বসুকো শ্বহীদ বুলি কয়। মধ্য প্ৰদেশৰ ছিন্দুৱাৰাত বিজেপিৰ দ্বাৰা আয়োজিত ত্ৰিৰঙ্গা যাত্ৰাৰ এক সভাত তেওঁ এই মন্তব্য কৰিছিল । সম্প্ৰতি মন্ত্ৰী গৰাকীৰ কাণ্ড জ্ঞানহীন এই মন্তব্যই সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment