শিল্পী পেন্সন::: চৰকাৰে দুগুণ কৰিলে পেন্সনৰ ধন

  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াৰ অধ্যক্ষতাত যোৱা নিশা  শিল্পী পেন্সন বাছনি সমিতিৰ বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । শিল্পী পেন্সনৰ প্ৰাপকৰ সংখ্যা পূৰ্বৰ ২০জনৰ সলনি আমাৰ চৰকাৰে ৫০জনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল । উক্ত  বৈঠকত হোৱা আলোচনামৰ্মে অসমৰ শিল্পীসকলৰ অভাৱ - অভিযোগ সমূহ অনুভৱ কৰি এই সংখ্যা ৭০ জনলৈ বৃদ্ধি কৰা হয় । তদুপৰি এই ধনৰ পৰিমাণ চাৰিহেজাৰ টকাৰ পৰা আঠহেজাৰ টকালৈ বৃদ্ধি কৰা হয় । আনহাতে এককালীন সাহায্যপ্ৰাপ্ত শিল্পীৰ পৰিয়ালৰ সংখ্যা ২০ৰ পৰা ৪০লৈ বৃদ্ধিৰ বাবে চৰকাৰে অলপতে সিদ্ধান্ত লৈছিল যদিও আজি সেই সংখ্যা  ৫০ লৈ বৃদ্ধি কৰা হয় । এই ধনৰ পৰিমাণ ৫০ হেজাৰলৈ বৃদ্ধি কৰা হয় ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment