কোকৰাঝাৰৰ উগ্ৰপন্থীৰ আক্ৰমণক মুখ্যমন্ত্ৰীৰ গৰিহনা::: মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহাৰ্য ঘোষণা

মুখ্যমন্ত্ৰী সোণোৱালে আজি কোকৰাঝাত উগ্ৰপন্থীয়ে চলোৱা হত্যা লীলাক গৰিহনা দিছে। উল্লেখ্য যে আজি কোকৰাঝাৰ চহৰৰ সমীপবৰ্তী বালাজান তিনি আলিত উগ্ৰপন্থীয়ে বজাৰত সোমাই গুলী চালনা কৰাৰ ফলত ১৪ জন লোকৰ মৃত্য হোৱাৰ লগতে ২০ জন লোক আহত হৈছে। নিহত সকলৰ পৰিয়াললৈ ৫ লাখ কৈ টকা সাহাৰ্য হিচাবে দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে । আনহাতে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘটনাৰ বুজ লোৱাৰ বাবে কোকৰাঝাৰলৈ ৰাওনা হৈছে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment