আৰক্ষীৰ লগত হোৱা সংঘৰ্ষৰ ফলত কাশ্মীৰত আৰু এজন লোকৰ মৃত্যু হোৱাত মৃতকৰ সংখ্যা এই দহ দিনত ৪১ জনলৈ বৃদ্ধি হৈছে। ইপিনে কাশ্মীৰৰ এই ঘটনাক লৈ পাকিস্তানত ১৯ জুলাইত কলা দিৱস পালন কৰিব । সেয়ে সান্ধ্য আইন বলবৎ থকা কাশ্মীৰত যাতে আৰু অধিক পৰিস্থিতি বেয়াৰ পিনে নাযায় তাৰ বাবে তিনি দিনৰ বাবে বাতৰি কাকত আৰু টিভিৰ সম্প্ৰচাৰ বন্ধ কৰি দিছে ৰাজ্য চৰকাৰে। এই কথা জনাইছে জ্যেষ্ঠ মন্ত্ৰী নাইম আখতাৰে। আনহাতে চৰকাৰৰ এনে সিদ্ধান্তক ৰাজ্যখনৰ সংবাদ মহলে এয়া গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত কুঠাৰাঘাত বুলি অভিহিত কৰি ইয়াৰ প্ৰতিবাদ জনাইছে। উল্লেখ্য যে , ইয়াৰ পূৰ্বে পোষ্ট পেইড মোবাইলৰ বাহিৰে বাকী মোবাইল আৰু ইন্টাৰনেট সেৱা বন্ধ কৰিছিল চৰকাৰে ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment