বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে আজি চাৰিজনকৈ দেৱ শিশুৰ কৰুণ মৃত্যু হয়। এনে মৰ্মান্তিক ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ কলগাছিয়াৰ আমগুৰি গাওঁত। প্ৰাপ্ত খবৰ মতে, আজি পুৱাৰ ভাগত আমগুৰি গাঁৱৰ ওমৰ আলীৰ পুত্ৰ আব্দুৰ ৰছিদ (১১), মনোৱাৰ হুছেইনৰ পুত্ৰ আব্দুল হালিম(১০), আব্দুল ৰেজ্জাকৰ পুত্ৰ চাইজুৰ ৰহমান(১১) আৰু জমশ্বেৰ আলীৰ পুত্ৰ ৰকিবুল ইছলামে (১১) পুৱাৰ ভাগত পথাৰলৈ ঘাঁহ কাটিবলৈ গৈছিল । সেই সময়ত পথাৰত বিদ্যুৎৰ মূল তাঁৰ ছিঙি বিদ্যুৎ প্ৰবাহিত হৈ আছিল। কিন্তু সেই কথা শিশু কেইটাই নজনাৰ ফলত বিদ্যুৎ পিষ্ট হৈ শিশু চাৰিটাৰ থিতাতে মৃত্যু হয়। এই আকস্মিক মৰ্মান্তিক ঘটনাই অঞ্চলটোক এক শোকৰ ছাঁ পেলাইছে । আনহাতে , অঞ্চলটোৰ বিভিন্ন দল- সংগঠনে ইয়াৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিবলৈ দাবী জনাইছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment