হায়দৰাবাদৰ চৰকাৰী হস্পিতালত বিদ্যুতৰ বিভ্ৰাটৰ বাবে একেদিনাই ২১ জন ৰোগীৰ মৃত্যু

মৰ্মান্তিক ঘটনা। হায়দৰাবাদৰ চৰকাৰী গাঞ্চি হস্পিতালত বিদ্যুতৰ বিভ্ৰাটৰ বাবে একেদিনাই ২১ জন ৰোগীয়ে মৃত্যুক সাৱটিব লগা হৈছে। প্ৰাপ্ত খবৰ অনুসৰি,  চিকিৎসালয়খনৰ এলেকাত বিদ্যুতৰ সঘন লোড শ্বেডিং হৈ থকাৰ পিছতো হাস্পিতাল কতৃপক্ষই তেওঁলোকৰ তাত থকা চাৰিটা জেনেৰেটৰ সময় মতে চলোৱা নাছিল বাবেই এই মৃত্যু হোৱা বুলি চিহ্নিত হৈছে । মৃত ৰোগীৰ অধিকাংশই স্পেচিয়েলিটি ওৱাৰ্ডৰ আছিল । কিছু সংখ্যক ৰোগী ICUত, ৰেছপিৰেটৰি কেয়াৰ ইউনিটত, আকিউট মেডিকেল কেয়াৰ ইউনিট আৰু ইমাৰজেঞ্চি ওৱাৰ্ডত  থকা ৰোগী আছিল ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment