চুবুৰীয়া দেশ চীনত প্ৰৱল বানপানী :: ১১৪ জন লোকৰ মৃত্যু আৰু সন্ধানহীন ১১১ জন

নেৰানেপেৰা বৰষুণ যোৱা কিছুদিন হৈ থকাৰ ফলত চীনত প্ৰৱল বানপানীৰ সৃষ্টি হৈছে । এই বানপানীৰ বাবে ১১৪ জন লোকৰ মৃত্যু আৰু ১১১ জন সন্ধানহীন হৈছে বুলি বেইজিংৰ সংবাদ মাধ্যমত প্ৰকাশ। বৰ্তমানলৈ প্ৰায় ২.৫ লাখ মানুহ বানত আৱদ্ধ হৈছে। এই বানপানী মূখ্যত Hubei Province এলেকাত হৈছে । প্ৰায় ৬.৮০ লাখ লোক ক্ষতিগ্ৰস্থ হৈছে আৰু ১০ খন চহৰ ধংসৰ মূখত পৰিছে। এই বানে ৫২,৯০০টা ঘৰ উটুৱাই লৈ গৈছে আৰু ১,৫৫,০০০টা ঘৰৰ ক্ষতি সাধন কৰিছে । বানৰ ফলত প্ৰায় ৭ লাখ হেক্টৰ কৃষি ভূমিৰ শস্য নষ্ট হোৱাত প্ৰায় ২.৪ বিলিয়ন ডলাৰ ক্ষতি হৈছে। দেশখনৰ জিন্টাই চহৰৰ ওচৰৰ দাছিয়ান নামৰ গাওঁখনত বানৰ পানীত সম্পূৰ্ণৰূপে জাহ গৈছে বুলি জানিব পৰা গৈছে ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment