ৰাজ্যখনৰ আঠখন জিলাক সামৰি ইতিমধ্যে বানপানী হৈছে । তাৰ পিছতো কিন্তু কেন্দ্ৰীয় চৰকাৰে বিগত ২০১৫ চনৰে পাব লগীয়া ১৮০০ কোটি টকা মুকলি কৰি দিয়া নাই। যাৰ বাবে সোণোৱাল চৰকাৰে বানপানীৰ বাবে কোনো নতুন আচঁনি গ্ৰহণ কৰিব পৰা নাই। যোৱা বৰ্ষত ৰাজ্যখনত হোৱা প্ৰবল বানপানীৰ বাবে বিস্তৰ ক্ষতি সাধন হৈছিল । সেই সময়ৰ তৰুণ গগৈ চৰকাৰে ১৫২৬.১৯ কোটি টকা কেন্দ্ৰৰ পৰা ক্ষতি পূৰণৰ বাবে বিচাৰিছিল। ইয়াৰ ভিতৰত আছিল ৮৬০ কোটি টকা মেৰামতি, ২০০ কোটি টকা পথ আৰু দলং নিৰ্মাণ, ২০৮ কোটি টকা শষ্য নষ্ট হোৱাৰ বাবে, ৬৭ কোটি অংগনবাদী কেন্দ্ৰৰ মেৰামতি, ৫৯ কোটি টকা ক্ষতি হোৱা ঘৰৰ মেৰামতি, ৩৮ কোটি টকা বিদ্যালয় গৃহৰ মেৰামতি আৰু অন্যান্যৰ বাবে বিচাৰিছিল।যোৱা বছৰত বানত ৩৬.৬৭ লাখ মানুহৰ ক্ষতি হৈছিল আৰু ৬৪ জন লোকৰ মৃত্যু হৈছিল । যোৱা বছৰৰ ক্ষতি সাধন হোৱা বিলাকৰ অধিকাংশই ৰাজ্য চৰকাৰে মেৰামতি কৰিছে আৰু ইয়া�ৰ বাবদ কেন্দ্ৰৰ পৰা সৰ্ব মুঠ ১৮০০ কোটি টকা পাবলৈ আছে। এই পাব লগা টকা খিনি যদি কেন্দ্ৰীয় চৰকাৰে সোনকালে মুকলি কৰি নিদিয়ে তেন্তে যদি ৰাজ্যত বানপানী হলে সোণোৱাল চৰকাৰ বিপাঙত পৰাৰ আশংকা আছে।
Home / Uncategories / সংকটত সোণোৱাল চৰকাৰ::: কেন্দ্রই এতিয়াও মুকলি কৰি দিয়া নাই পূৰ্বৰ ১৮০০ কোটি টকা
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment