অশান্ত তুৰস্ক:: বিদ্ৰোহী সেনাৰ উত্থান:: সংঘৰ্ষত নিহত ৬০ জন

বিদ্ৰোহী সেনাৰ উত্থানৰ বাবেই  যোৱা নিশাৰ পৰা এইবাৰ অশান্ত হৈ পৰিছে তুৰস্ক। দেশ খনৰ আঙ্কাৰা, ইস্তানবুল সহ বিভিন্ন স্থানত ঘনে ঘনে চলিছে সেনা আৰু আৰক্ষীৰ মাজত গুলীয়া গুলী। এই সংঘৰ্ষত বৰ্তমানলৈ ৬০ জন লোকৰ মৃত্যু হৈছে । ইস্তানবুল আতাতুৰ্ক বিমান বন্দৰ এতিয়া বিদ্ৰোহীৰ দখলত। দেশখনৰ সংসদ ভৱনৰো সামান্য ক্ষতি হৈছে বিষ্ফোৰণত। গোপন স্থানত আশ্ৰয় লৈছে সাংসদ সকল। সেনাৰ এই উত্থানৰ বিৰুদ্ধে ঠিয় দিছে সৰ্ব সাধাৰণ ৰাইজ। বিদ্ৰোহীৰ দাবী দেশৰ শাসন ভাৰ এতিয়া তেওঁলোকৰ হাতত। অৱশ্যে দেশখনৰ প্ৰধানমন্ত্ৰী বিনালি ইলদিৰিমেৰৰ দাবী দেশত এতিয়াও নিৰ্বাচিত চৰকাৰে আছে । বিদ্ৰোহী সেনাৰ সকলো চেষ্টা বন্ধ কৰি দিয়া হৈছে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment