বহু জল্পনা কল্পনাৰ ওৰ পেলাই অৱশেষত অৰুণাচলৰ মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত হল প্ৰেমা খাণ্ডু। বিগত কিছুদিন ধৰি পাহাৰীয়া ৰাজ্য খনৰ কোন হব মুখ্যমন্ত্ৰী তাক লৈ চলি আছিল বিভিন্ন ধৰণৰ আলাপ আলোচনা । এইক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম তুৰ্কী মুখ্যমন্ত্ৰীৰ দৌৰৰ শীৰ্ষত আছিল যদিও শেষত নাটকীয় ভাৱে তেওঁক চেৰ পেলাই মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত হয় প্ৰেমা খাণ্ডু। এক হেলিকাপ্তাৰ দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডুৰ ৩৭ বছৰীয়া পুত্ৰ প্ৰেমা খাণ্ডু দিল্লীৰ হিন্দু কলেজৰ স্নাতক আৰু তেওঁ এসময়ত ৰাজ্যখনৰ পৰ্যটন আৰু জল সম্পদ বিভাগৰ কেবিনেট মন্ত্ৰী আছিল।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment