মুখ্যমন্ত্ৰীৰ নিজেই এই ক্ষেত্ৰত কি কৈছো চাওঁ আহক::
আজি মই জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে ডাঙৰীয়াৰ সৈতে নগাওঁ, মৰিগাঁও, যোৰহাট আৰু লখিমপুৰ জিলাৰ ভয়াবহ বান পৰিস্থিতিৰ চাক্ষুষ ভাৱে বুজ লওঁ । বানৰ ভয়াবহতাই ৰাইজৰ যি দূৰ্দশা কৰিছে সেই দৃশ্যই আমাক ব্যথিত কৰিছে । মাজুলীত উপস্থিত হৈ বানৰ সংহাৰ ৰূপৰ বুজ লোৱাৰ লগতে উদ্ধাৰ আৰু সাহায্য অভিযানৰো সবিশেষ বুজ লওঁ । মাজুলীৰ বনগাওঁত মথাউৰিৰ ভঙা অংশ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িতৰ বাবে গঠিত দুটাকৈ সাহায্য শিবিৰত সহস্ৰাধিক ভূক্তভোগীৰ সৈতে অভাৱ আৰু অৱস্থাৰ বিষয়ে মত-বিনিময় কৰো । বানগ্ৰস্তসকলে পৰ্যাপ্ত পৰিমানে সামগ্ৰী শিবিৰত লাভ কৰা বুলি জানি আমি অকণমান সুখ অনুভৱ কৰিছো আৰু তাৰবাবে জিলা প্ৰশাসনৰ তৎপৰতাক শলাগ লৈছো । পিছত মাজুলীৰ সন্মানীয় সত্ৰাধিকাৰসকলৰ লগতো বান পৰিস্থিতি সম্পৰ্কে আলোচনা কৰো ।
মাজুলীৰ আবৰ্ত ভৱনত যোৰহাট জিলা উপায়ুক্ত, মাজুলীৰ মহকুমাধিপতিৰ লগতে জলসম্পদ, স্বাস্থ্য, গড়কপ্টানি, কৃষি, পশুপালন, জনস্বাস্থ্য কাৰিকৰী আদি জিলাখনৰ সংশ্লিষ্ট বিভাগৰ মূৰব্বী বিষয়াসকলৰ লগত পৰিস্থিতি সম্পৰ্কে আলোচনাত মিলিত হওঁ আৰু যিকোনো পৰিস্থিতিতে উদ্ধাৰ আৰু সাহায্য অভিযান অধিক ক্ষিপ্ৰতৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । বনগাওঁৰ মথাউৰিৰ ভগা অংশ আৰু আন মথাউৰিবোৰৰ দূৰ্বল অংশবোৰৰ যথাসম্ভৱ সোনকালে মেৰামতিৰ ব্যৱস্থা কৰা হ'ব বুলি জলসম্পদ বিভাগৰ পৰা জনোৱা হৈছে ।
আজিয়েই আমি লখিমপুৰৰ বানপানী অৱস্থাৰ বুজ লওঁ আৰু জিলাখনৰ স্থানীয় প্ৰশাসনৰ লগত বানপানীৰ সময়ত মোকাবিলা কৰিবলৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ মজুত শক্তি আৰু কাৰ্যব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হৈছে । বানপীড়িত প্ৰতিখন জিলা প্ৰশাসনকে উদ্ধাৰ অভিযান ক্ষীপ্ৰতাৰে কৰিবলৈ লগতে পৰ্যাপ্ত পৰিমাণে উন্নত মানৰ খাদ্য, পানী, ঔষধ যোগান ধৰিবলৈ কোৱা হৈছে । শিশু, বয়োজেষ্ঠ্য লোক আৰু পশুধনক অধিক গুৰুত্ব দিবলৈ জনোৱা হৈছে । প্ৰতিজন বানাক্ৰান্তৰ প্ৰতি আমাৰ চৰকাৰে দায়বদ্ধতা পালন কৰিব ।
0 comments:
Post a Comment