জ্ঞানপীঠ বঁটা বিজয়ী মহাশ্বেতা দেৱীৰ মৃত্যু :::ভাৰতীয় সাহিত্যৰ অপূৰণীয় ক্ষতি

বিশিষ্ট সাহিত্যিক, সমাজ সেৱীকা জ্ঞানপীঠ বটা বিজয়ী মহাশ্বেতা দেৱীৰ আজি বিয়লি ৩.১৫ বজাত কলিকতাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯০ বছৰ। পশ্চিম বঙ্গৰ বাসিন্দা দেৱীয়ে সাহিত্য জগতলৈ আগবঢ়োৱা আৱদানৰ বাবে তেখেতক সাহিত্য একাদেমী বঁটা, জ্ঞানপীঠ বঁটা আগবঢ়োৱা হৈছিল । এচিয়াৰ সৰ্বোচ্চ সন্মান ৰমন মেগাছেছে বঁটা আৰু ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ বটাও তেওঁ লাভ কৰিছিল । তেওঁৰ কেইখনমান বিখ্যাত গ্ৰন্থ  হৈছে--- অৰণ্যৰ অধিকাৰ , চোটি মুণ্ডাইভাম তাৰ তীৰ, ৰূদালী, কল্পতৰু আৰু অগ্নিগৰ্ভা।

Share on Google Plus

About Unknown

0 comments:

Post a Comment