মূৰৰ বিষৰ সম্পৰ্কত কিছু কথা::: জানো আহক ডাঃ ভূপেন্দ্ৰ শইকীয়াৰ পৰা.

মূৰৰ বিষৰ বিষয়ে আমি কিমান জানোঁ ?

             'মূৰ থাকিলে মূৰৰ বিষ হবই'- কোনোবাই এনেকৈ কলে বা ভাবিলেও মূৰৰ বিষক নজনাকৈ অৱ্জ্ঞা কৰা মুঠেই সমিচীন নহয়৷ 'সাধাৰণ' বুলি ভবা মূৰৰ বিষৰ অন্তৰালত কেতিয়াবা গুৰুতৰ ৰোগ লুকাই থাকিব পাৰে৷ কিশোৰৰ পৰা বৃদ্ধাৱস্থালৈ জাতি-ধৰ্ম, দেশ-কাল নিৰ্বিশেষে পুৰুষ-মহিলা উভয়ৰে কেতিয়াবা নহয় কেতিয়াবা মূৰৰ বিষ হয়েই৷ আমাৰ লাওখোলাটোৰ ভিতৰৰ সিংহ ভাগ আৱৰি আছে মগজুৱে৷ কিন্তু আমোদজনকভাবে মগজুৰ কোনো বিষ অনুভৱ কৰিব পৰা কেন্দ্ৰ (Pain receptor) নাই৷ বিষ অনুভৱ কৰিব পৰা কেন্দ্ৰ থাকে মস্তিস্ক আৰু ডিঙিৰ মাংসপেশীত, মগজুৰ আৱৰণিত (মেনিঞ্জ), ফস্ক চেৰিব্ৰাইত, মস্তিস্কৰ পৰা ওলোৱা নাৰ্ভসমূহত, ৰক্তনলীসমূহত, কাণ-নাক-চকু-দাঁত-মূখত আৰু ব্ৰেইনষ্টেমত৷ এইবিলাকত থকা বিষৰ কেন্দ্ৰসমূহৰ মাধ্যমেৰে মানুহে মূৰৰ বিষ অনুভৱ কৰে৷ এই বিষ পাতল বা গভীৰ, মূৰতো হেঁচা মাৰি ধৰা ধৰণৰ বা ধপধপাই থকা বা ফাটো-ফাটো কৰা বা নানাধৰণৰ হব পাৰে৷ চিকিৎসকসকলে দুশৰো অধিক প্ৰকাৰৰ মূৰৰ বিষৰ ৰোগীৰ সন্মুখীন হয়৷  ইয়াৰে কিছুমান নিৰীহ বা কম অপকাৰী, কিন্তু আন কিছুমান অতি বিপদৰ বাৰ্তাবাহক হব পাৰে৷ সঘনাই হোৱা মূৰৰ বিষে ব্যক্তিজনৰ কাৰ্য্যদক্ষতা, পাৰস্পৰিক সম্বন্ধ আৰু সামাজিক জীৱনত বিৰূপ প্ৰভাৱ পেলাব পাৰে৷ এনেও হব পাৰেযে তেওঁ শাৰীৰিক-মানসিকভাৱে ক্লান্ত হোৱাৰ ওপৰিও হতাশাত (ডিপ্ৰেচন) ভূগিব পাৰে৷
মূৰৰ বিষৰ কিছুমান অতি গতানুগতিক (Common ) কাৰক এইবিলাক হব পাৰে যেনে-  শাৰীৰিক-মানসিক চাপ ( Stress), নিদ্ৰাহীনতা, চকুৰ সমস্যা, দাঁতৰ অসুখ, চাইনাচৰ-নাক-কাণৰ সমস্যা, ভাইৰাচৰ সংক্ৰমণ, মদ্যপাণ-ধূম্ৰপাণৰ পাৰ্শ্বক্ৰিয়া, দৰবৰ পাৰ্শ্বক্ৰিয়া, আকস্মিক জলবায়ুৰ পৰিবৰ্তনৰ সন্মুখীন হোৱা, বৰ খৰখেদাকৈ শীতল পানীয় গ্ৰহণ কৰা, মস্তিস্কৰ আঘাত আদি ৷ মূৰৰ বিষৰ চিকিৎসাও সেয়ে কাৰণ বুজিহে কৰা সমীচিন৷

    অধিক জটিলতালৈ নগৈ থোৰতে মূৰৰ বিষক দুটা গোটত ভগাব পাৰি :-
প্ৰাথমিক (Primary )  - বাৰে বাৰে হোৱা কিন্তু নিৰীহ, যাৰ অন্তৰ্নিহিত কোনো বিশেষ ৰোগ  নাথাকে৷ ইয়াৰ উদাহৰণ হ'ল- মাইগ্ৰেইন, টেনচন হেডএক, ক্লাষ্টাৰ হেডএক৷ সঠিক কিদৰে এই ধৰণৰ মূৰৰ বিষ উৎপন্ন  হয় তাক বিজ্ঞানীসকলে ঠাৱৰ কৰিব পৰা নাই, মাথো অনুমানত কিছু থিয়ৰি আগবঢ়াইছে৷ সাধাৰণতে ১৫ৰ বছৰৰ পৰা ৪০বছৰ বয়সত প্ৰাইমেৰী হেডএকৰ পোণপ্ৰথম আৰম্ভণি হয়৷   
চেকেণ্ডেৰী (Secondary ) - যাৰ অন্তৰ্নিহিত কোনো ৰোগ বা পৰিঘটনা থাকে ৷  ইয়াৰ উদাহৰণ হ'ল মস্তিস্কৰ আঘাত, ষ্ট্ৰক, সংক্ৰমণ ( এনকেফেলাইটিচ,মেনিনজাইটিচ), গ্লুকোমা ,  মগজুৰ টিউমাৰ, এঅ'ৰ্টিক এনিউৰিজম, টেম্পৰেল আৰ্টাৰাইটিচ আদি ৷ অৱশ্যে চেকেণ্ডেৰী হেডএক সকলো সময়তে জটিল ৰোগৰ পৰিচায়ক নহবও পাৰে৷

মাইগ্ৰেইননো কি ?
              সাধাৰণতে মাইগ্ৰেইনত মূৰৰ সন্মুখ ভাগত নতুবা মূৰৰ এফালত ফাটি যাব খোজা যেন বা ধপ-ধপোৱা ধৰণৰ বিষ অনুভৱ হয়৷ বমি-ওকালিও অনুভৱ হয়৷ ৰোগীয়ে শব্দ আৰু পোহৰ সহ্য কৰিবলৈ কষ্ট অনুভৱ কৰে৷ কোনো কোনোজন ৰোগীয়ে অসুখ হোৱাৰ পূৰ্বানুমান কৰিব পাৰে- যাক Aura বুলি কোৱা হয়৷ মাইগ্ৰেইনে কামত ব্যাঘাত জন্মায় আৰু কেইবাঘন্টাজুৰি চলি থাকে৷ কিশোৰ-কিশোৰী আৰু প্ৰাপ্তবয়স্ক সকলোৰে মাইগ্ৰেইন হব পাৰে৷ পুৰুষৰ তুলনাত মহিলাই মাইগ্ৰেইনত বেচিকৈ ভোগা পৰিলক্ষিত  হয়৷ মগজুৰ স্নায়ুৰ বিজুতিৰ ফলত মাইগ্ৰেইন হয় বুলি বিজ্ঞানীসকলে ভাবে৷
মাইগ্ৰেইনৰ উপশম ঘটাবলৈ ব্যৱহৃত ঔষধসমূহ হ'ল :
• বিষনাশক- এচপ্ৰিণ, আইব্ৰুপ্ৰফেন, পেৰাচিটামল, মেফেনেমিক এচিড, নেপ্ৰস্কেন, ইণ্ডোমিথাচিন আদি৷
• ট্ৰিপ্নান আৰু আৰ্গোটামিন জাতীয় ঔষধে ৰক্তপ্ৰবাহী নলীৰ সংকোচন ঘটাই বিষৰ উপশম যোগায়৷
• বমিৰোধক দৰব- মেটক্লপামাইড, ডমপেৰিডন৷
• নাৰ্কটিক-পেথেডিন,মৰফিন, ফৰ্টৱিন আদি৷ সতৰ্ক নহলে এইবিলাকৰ ৰোগী অভ্যস্ত (Addict )হব পাৰে৷
• ষ্টেৰইড- ডেক্সামিথাচন,প্ৰেডনিচলন৷
মাইগ্ৰেইন প্ৰতিৰোধকাৰী
• বিটাব্লকাৰ
• কেলচিয়াম চেনেল ব্লকাৰ
• এন্টিডিপ্ৰেচেন্ট
• চিজাৰ প্ৰতিৰোধক
• ব'টস্ক
                 টেনচন হেডএক- বিশ্বস্বাস্থ্য সংস্থাৰমতে প্ৰতি কুৰিজনৰ ভিতৰত এজন ব্যক্তিয়ে টেনচন হেডএকত ভোগে৷ গোটেই মূৰটো টানকৈ কিহবাই বান্ধি ৰাখিছে যেন ৰোগীয়ে অনুভৱ কৰে৷ ৰোগীৰ কামত ব্যাঘাত সৃষ্টি হয় আৰু কেই মিনিটৰ পৰা কেইবা ঘন্টালৈ টেনচন হেডএক চলি থাকিব পাৰে৷ ডিহাইড্ৰেচন, মানসিক-শাৰীৰিক চাপ, অনাহাৰ, অনিদ্ৰা, অতিমাত্ৰা বিষনাষক দৰবৰ ব্যৱহাৰ আদিৰ ফলত সচৰাচৰ টেনচন হেডএক হোৱা দেখা যায়৷  উল্লেখযোগ্যযে টেনচন হেডএকৰ তুলনাত মাইগ্ৰেইনত ভোগা ৰোগীৰ সংখ্যা কম৷

                ক্লাষ্টাৰ হেডএক- অতি কম সংখ্যকলোক এই প্ৰকাৰৰ মূৰৰ বিষত ভোগে৷ সাধাৰণতে এটা চকুৰ চৌদিশে তীব্ৰ বিষ অনুভৱ হয় আৰু একে সময়তে নাকৰ আৰু চকুৰ পানী আপুনাআপুনি বয়,নাক সোপা মাৰি ধৰে,চকু ৰঙা পৰে৷ নিতৌ দিনটোৰ একে সময়তে ৩০ৰ পৰা ৯০মিনিট ধৰি এনে অৱস্থা চলি থাকে৷ কাচিৎ কোনোজন ৰোগীৰ দিনটোত একাধিকবাৰ এনে হয়৷ কিশোৰ অৱ্স্থাত আৰম্ভ হোৱা এই ৰোগ মধ্য বয়সলৈকে চলি থাকে৷ মাজে মাজে কেইবামাহো অসুখ নোহোৱা অৱস্থা একোটা অতিবাহিত হয়৷  কিছুমান পৰিয়ালত এই ৰোগ চলি থকালৈ চাই ক্লাষ্টাৰ হেডএকৰ সৈতে বংশগতিৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ ৰোগী যন্ত্ৰণাকাতৰহৈ অধৈৰ্য্য হৈ পৰে৷ বিষত অতীষ্ঠহৈ নিজৰ মূৰটো পকীবেৰত খুন্দিয়াবৰ উপক্ৰম হয়৷  আনকি এনে কষ্ট খাই থকাতকৈ মৰি যোৱাই ভাল বুলিও কিছুমান ৰোগীয়ে ভাবে৷ মদ,চিগাৰেট, চকলেট,নাইট্ৰগ্লিচাৰিন দৰব আদিৰ ব্যৱহাৰ কৰোতাই ক্লাষ্টাৰ হেডএকত বেচিকৈ ভোগে৷ ক্লাষ্টাৰ হেডএকৰ চিকিৎসা আন মূৰৰ বিষৰ তুলনাত কঠিন৷ প্ৰেডনিচলন, আৰ্গটামিন আৰু লিথিয়াম ব্যৱহাৰ কৰি অসুখ প্ৰতিৰোধ কৰিব পাৰি৷ আনহাতে অক্সিজেন, ট্ৰিপ্টামাইন, লিগনকেইন এনাচথেটিক বেজীৰ দ্বাৰা ৰোগীক চিকিৎসা কৰা হয়৷

হৰমোন হেডএক-
                   মহিলাসকলৰ  মূৰৰ বিষৰ ক্ষেত্ৰত প্ৰায়বিলাকৰ হৰমোনৰ প্ৰভাৱ পৰিলক্ষিত হয়৷ গৰ্ভাৱস্থা, ৰজোনিবৃতি  (মেনুপ'জ) আৰু গৰ্ভনিৰোধক পিল খাই থকা মহিলাৰ মূৰৰ বিষ সহজে হোৱাৰ কাৰণ হ'ল হৰমোনৰ প্ৰভাৱ৷

মূৰৰ বিষৰ সঘনাই দৰব খোৱাসকলৈ এটি সতৰ্কবাণী : -
বজাৰত উপলব্ধ মূৰৰ বিষৰ দৰবৰ পৰা হব পৰা পাৰ্শ্বক্ৰিয়া -
এচপ্ৰিন, ডিচপ্ৰিন,এনাচিন,চেৰিডন- গেষ্ট্ৰাইটিচ, পাকপ্ৰণালীৰ ৰক্তক্ষৰণ৷  শিশুৰ লিভাৰ আৰু মগজুৰ ক্ষতিসাধন কৰা ৰেই'জ  চিনড্ৰম ৰোগ৷
ইফিড্ৰিন,কেফেইন- বুকুৰ ধপধপনি, মানসিক অস্থিৰতা৷
এন্টি এলাৰ্জিক দৰব- মূৰঘূৰণি,নিদ্ৰা৷
•গতিকে যি কোনো দৰবেই চিকিৎসকৰ সৈতে পৰামৰ্শ কৰিহে সেৱন কৰাটো নিৰাপদ৷

মূৰৰ বিষক কেতিয়া গুৰুতৰ (চিৰিয়াচ) বুলি গণ্য কৰিব ?

•মূৰৰ বিষৰ ধৰণ (পেটাৰ্ণ) আগৰ তুলনাত সলনি হোৱা ৷
• সময়ত অতিবাহিত হোৱা স্বত্বেও মূৰৰ বিষ নকমি বাঢ়ি যোৱা
• মস্তিস্কৰ আঘাতৰ ফলত হোৱা মূৰৰ বিষ৷
• ডিঙিৰজঠৰতা,বমি,ওকালি, জ্বৰ,চকুৰ বিষ লগত থাকিলে৷ 
• ২৪ঘন্টা অতিবাহিত হোৱা মূৰৰ বিষ৷
• কেন্দ্ৰীয় স্নায়তন্ত্ৰৰ লগত  জড়িত লক্ষণ থকিলে(যেনে স্মৃতিশক্তি লোপ পোৱা,ভ্ৰম, বাকশক্তিৰ বিজুতি, দৃষ্টিৰ বিজুতি, দূৰ্বলতা,পেৰালাইচিচ, অতিমাত্ৰা জ্বৰ আদি৷  

মূৰৰ বিষৰ ৰোগীক কি কি পৰীক্ষা কৰাৰ প্ৰয়োজন ?

ৰোগীৰ হিষ্ট্ৰী আৰু প্ৰাথমিক পৰীক্ষাৰ যোগেদি চিকিৎসকে এটি আভাস ঠাৱৰ কৰি মূৰৰ বিষৰ কাৰণ ঠিৰাং কৰাৰ উদ্দেশ্যে যাবতীয় তেজ,প্ৰসাব, চেৰিব্ৰস্পাইনেল ফ্লোইড, এক্সৰে, ইচিজি, আলট্ৰাচাউণ্ড, চিটি-এমআৰআই স্কেন আদি পৰীক্ষাৰ প্ৰয়োজন হব পাৰে৷

মূৰৰ বিষৰ কেইটিমান প্ৰাথমিক প্ৰতিবিধান : -

•ধ্যান আৰু যোগৰ সহায়ত মানসিক চাপ কমাবৰ প্ৰয়াস কৰক৷  
• নিজৰ   খং,উত্তেজনা, দুশ্চিন্তা কোনো নিৰ্ভৰযোগ্য ব্যক্তিৰ সৈতে শ্বেয়াৰ কৰক৷
• নিতৌ সন্তুলিত আহাৰ আৰু পৰ্য্যাপ্তপৰিমাণৰ পানী খাওক৷
• মদ্যপাণ,ধূম্ৰপাণ আৰু যি কোনো ৰাগিয়াল দৰব পৰিহাৰ কৰক৷
• একেসময়তে নিতৌ ৭৷ ৮ঘন্টা নিদ্ৰা যোৱাৰ অভ্যাস কৰক৷
• নিয়মীয়া চকু পৰীক্ষা কৰাব৷
• ম'বাইল আৰু কম্পিউটাৰৰ কামৰ মাজৰ পৰা চকু আৰু দেহক বিশ্ৰাম দিয়াৰ অভ্যাস গঢ়ি তোলক৷
• দৰবৰ অতিমাত্ৰা সেৱন পৰিহাৰ কৰি চলক৷
•  সুস্বাস্থ্যৰ বাবে অসমীয়া ঘৰুৱা বনৌষধি, শাক-পাত, থলুৱা খাদ্য মাজে মাজে গ্ৰহণ কৰক৷
• নিৰাশাবাদী নহব,সদায় যোগাত্মক চিন্তা কৰক৷
•  সুস্থ জীৱনশৈলী মানি চলক৷

(ইংৰাজীত এই লিখনিটো আৰু স্বাস্থ্য বিষয়ৰ আন আন লিখনিৰ সৈতে মোৰ বেৱচাইট www.drbhupensaikia.com ত আগ্ৰহীসকলে পঢ়িব পাৰে৷ ধন্যবাদ৷)

ডা০ ভূপেন শইকীয়া
২৫জুলাই, ২০১৬
ডোহা,কাটাৰৰ পৰা
ম'বাইল আৰু ৱাটচএপ +৯৭৪ ৩৩৭৩৮৭২২
Email - drbksaikia@gmail.com

Share on Google Plus

About Unknown

0 comments:

Post a Comment