অসম আৰক্ষীত ১১ হেজাৰ পদ খালী:::সদনত এই তথ্য জনালে মন্ত্ৰী চন্দ্ৰ মোহনে

ৰাজ্যৰ আইন - শৃংখলা আৰু নিৰাপত্তাৰ দায়িত্বত থকা অসম আৰক্ষীত নাই পৰ্যাপ্ত পৰিমাণৰ লোক। এই কথা সদনত প্ৰকাশ কৰিছে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। অগপ বিধায়ক ফণীভূষণ চৌধুৰীৰ এক প্ৰশ্নৰ উত্তৰত পাটোৱাৰীয়ে জনায় যে ৰাজ্যখনত মুঠ ৭২,১১৮ জন আৰক্ষীৰ প্ৰয়োজন যদিও এতিয়াও ১১,৭৮২ টা পদ খালী আছে। অৱশ্যে তাৰ ভিতৰৰ ৪,০৭৬ টা পদ অতি শীঘ্ৰে পুৰণৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে। তেওঁ লগতে জনায় যে ২০ টা IPS আৰু ১১৪টা APSৰ পদো খালী আছে। অসম আৰক্ষীৰ ৩৪৬ খন থানা আৰু ২২১ টি আউত পোষ্টত বৰ্তমান ৬২,০৪১ টা গোচৰ নিস্পতি নোহোৱাকৈ পৰি আছে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment