যিসকল কেন্দ্ৰীয় চৰকাৰৰ মহিলা কৰ্মচাৰীয়ে কাৰ্যালয়ত ওপৰৱালা বা সহকৰ্মীৰ দ্বাৰা যৌন নিৰ্য্যাতনৰ বলি হয় তেওঁলোকে তদন্তৰ সময়ত তিনি মাহৰ ছুটী লাভ কৰিব । কেন্দ্ৰীয় চৰকাৰৰ Department of Personal and Training বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । তদন্তৰ সময়ত যাতে মহিলা গৰাকী কোনো ভাবুকীৰ সন্মুখীন নহয় তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে । আইন অনুসৰি কাৰ্য্যালয়ত যৌন নিৰ্য্যাতন মানে হৈছে-- শাৰীৰিক সম্পৰ্ক , যৌন সম্পৰ্কৰ বাবে দাবী বা অনুৰোধ কৰা, উদ্দেশ্য প্ৰনোদিত ভাৱে মহিলাৰ শৰীৰৰ স্পৰ্শ কৰা, কোনো পৰ্নগ্ৰাফী দেখুৱা, যৌন গন্ধী মন্তব্য কৰা,যিকোনো অশোভনীয় দৈহিক অংগী ভংগী দেখুৱা আদি।
Home / Uncategories / কেন্দ্ৰীয় চৰকাৰৰ মহিলা কৰ্মচাৰীৰ বাবে সুখবৰ:: যৌন উৎপীড়নৰ তদন্তৰ সময়ত পাব তিনি মাহৰ ছুটী
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment