ভূপেনদাই এসময়ত আৰ্থিক অনাটনত ভুগিলেও বহুদিনলৈকে গানৰ বিনিময়ত পইচা লোৱা নাছিল । পাছত ১৯৬৫ চন মানৰ পৰাহে পইচাৰ মুখ দেখিছিল । ১৯৬৫ চনত দুলাল বৰুৱাৰ উদ্যোগত ভূপেনদাক যোৰহাটলৈ মাতিছিল ইণ্টাৰকলেজলৈ । নতুন গান এটি গাব লাগিব , ভূপেনদাই যলৈকে যায় , তাতেই এটি নতুন গান লিখি সুৰ দি গায় । বৰষুণৰ বতৰত যোৰহাটত তেনেকৈ গাবলৈ লিখিছিল "ৰিম্ ঝিম্ বৰষুণে নেপুৰ বজায়"---- গীতটিৰ শেষৰ অংশ ১৯৮০ চনত লিখিছিল অসম আন্দোলনত যেতিয়া বহুতো ছহিদ হৈছিল । গীতটি ---
* * * * * * * * *
( মোৰ আইৰ চকুপানী আৰু দেউতাৰ কপালৰ ঘাম কোন দেশৰ মাটিত সৰি পৰে ? )
ৰিম্ ঝিম্ ৰিম্ ঝিম্ বৰষুণে
নেপূৰ বজায় ক'ত ?
গিৰ্ গিৰ্ ডাৱৰেনো
মাদল বজায় ক'ত ?
এই অসম দেশত ।
মাইহাং বাটিত সোৱাদ পানী
যাচে কোনে ক'ত ?
কাৰ পদুলিত কেতেকীনো
মলেমলায় ক'ত ?
এই অসম দেশত
অসম দেশত ॥
এধানি এধানি নৈ সাগৰ হয় ক'ত ? ক'ত ?
সাগৰকো ভয় নকৰেনো কোনে ক'ত ?
এই অসম দেশত
অসম দেশত ।
আইৰে চকুৰে মুকুতানো সৰে ক'ত ?
সেই মুকুতাৰে মনি পিন্ধি সাহ পাঁও ক'ত ?
মোৰ দেউতাৰে কপালৰে ঘাম সৰে ক'ত ?
সেই ঘাম দেখি মৰোঁ যেনে লাগে বাৰু ক'ত ?
অ' মোৰ অসম দেশত ।
অসম দেশত ॥
মোৰ কলিজাৰে সুৰবোৰ বুজে কোনে ক'ত ?
ন-পুৰুষে দেশৰ হকে
তেজ দিয়ে ক'ত ?
আনে কৰা উপলুঙা
ওফৰায়নো ক'ত ?
এই অসম দেশত ।
অসম দেশত ॥
যুগুতালে:: বিজয় বৰ্মন, বৰপেটাৰোড।
0 comments:
Post a Comment