আজিৰ যান্ত্ৰিকতাৰ যুগত দুটা হেৰাই যাব খোজা শব্দ হৈছে বন্ধু আৰু বন্ধুত্ব। বিপদৰ সময়ত বন্ধুৰ পৰা মাত এষাৰী আৰু সহায়ৰ হাত বিচাৰিলে মানুহে হামৰাও কাঢ়ি ফুৰিব লগাৰ সময়তে মানৱতাৰ বধ্যভূমিত পৰিণত হোৱা বাংলাদেশত দেখা গল বন্ধুত্বৰ বাবে প্ৰাণ আহুতি দিয়াৰ এক বিৰল নিৰ্দশন। যোৱা শুক্ৰবাৰে নিশা বাংলাদেশৰ ঢাকাত সন্ত্ৰাসবাদীয়ে ৰেষ্টুৰেন্টত আহাৰ গ্ৰহণ কৰিবলৈ যাওঁতে হত্যা কৰিছিল ২০ জনকৈ বিদেশী লোকক। তাৰ ভিতৰত আছিল ভাৰতীয় ছাত্ৰী তাৰিশ্বি জৈন।
তাৰিশ্বিৰ লগত গৈছিল অন্তৰংগ বন্ধু ফৰাজ হোছেইন আৰু অবিন্তা কবিৰ। সন্ত্ৰাসবাদীয়ে ফৰাজক মুছলমান বুলি জানি নিৰাপদে ওলাই যাবলৈ কৈছিল। কিন্তু বান্ধৱীক এৰি যাবলৈ সন্মত নহল ফৰাজ। বন্ধুতকৈ জীৱন ডাঙৰ নহয় বুলি সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ দিলে ফৰাজে। আৰু দেখুৱাই দিলে বন্ধুত্বৰ অপূৰ্ব চানেকী ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment