ফ্ৰান্সত জন সমাগত ট্ৰাক চলন::: ৮৪ জনৰ মৃত্যু

এখনী দ্ৰুত বেগত অহা ট্ৰাকে  ফ্ৰান্সত যোৱা নিশা মহতিয়াই নিয়াৰ ফলত ৮৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেবাজনো লোক আহত হয়। এই জঘন্য ঘটনাটো সংঘটিত হৈছে ফান্সৰ নাইচ চহৰত ৰাষ্ট্ৰীয় দিৱস অতি উলহ মালহেৰে পালন কৰি থকাৰ সময়ত । ৰাষ্ট্ৰীয় দিৱস উপলক্ষে চহৰখনত হোৱা বৃহৎ জন সমাগমত Mahamed Lahouaiej Bouhlel নামৰ ট্ৰাক চালকজনে জন সমাবেশত সোমাই বহুলোকক মহতিয়াই লৈ যায়। ফলত এই হত্যা লীলা সংঘটিত হয়। ফান্সৰ ৰাষ্ট্ৰপতি Francois Hollande কয় যে চলন্ত ট্ৰাকেৰে হত্যা লীলাৰ সৃষ্টি কৰা চালকজন সন্ত্ৰাসবাদী চৰিত্ৰৰ । এনে কাৰ্য্য ৰোধৰ বাবে তেওঁলোকে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব। ফ্ৰান্সো বৰ্তমান ইছলামিক সন্ত্ৰাসবাদীৰ টাৰ্গেটত আছে। আৰক্ষীয়ে ইতিমধ্যে ট্ৰাক চালকজনক গুলীয়াই হত্যা কৰাৰ লগতে ট্ৰাক খনৰ পৰা ভালেমান আগ্নেয়াস্ত্ৰ আৰু আৰু বহুতো বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছে। 

Share on Google Plus

About Unknown

0 comments:

Post a Comment