আপোনাৰ বাৰু বয়স হৈছে নেকি ? বয়সৰ বাবে এক কিলোমিটাৰ দুৰলৈও খোজকাঢ়ি যাওতে আপোনাৰ ভাগৰ লাগে নেকি ? কিমান বয়স বাৰু আপোনাৰ ? 40 ? 50 ?? 60 ???
আচলতে আপোনাৰ এই ভাগৰ বয়সৰ কাৰণে নহয় ৷ এয়া আপোনাৰ দৈহিক ভাগৰো নহয় ৷ এয়া মানসিক ভাগৰ ৷ আপুনি হয়তো মনতে ভাবিয়েই লৈছে যে আপোনাৰ বয়স হৈছে সেয়ে আপুনি কিছুমান কাম কৰিব নোৱাৰে ৷ এক অক্লান্ত যুঁজাৰু মন আৰু লক্ষ্যত উপনীত হবলৈ দুৰ্বাৰ বাসনা থাকিলে বয়সে আপোনাক কেতিয়াও হাৰ মনাব নোৱাৰে ৷ মোৰ কথা বিশ্বাস হোৱা নাই যদি জাপানৰ য়ুইছিৰো মিউৰাক সোধক ৷ 1932 চনৰ 12 অক্টোবৰত জন্মগ্ৰহন কৰা য়ুইছিৰো মিউৰাই 2003 চনত 70 বছৰ 222 দিন বয়সত বিশ্বৰ উচ্চতম শৃঙ্গ মাউন্ট এভাৰেষ্টত আৰোহণ কৰি এভাৰেষ্ট জয় কৰা আটাইতকৈ বয়সীয়াল ব্যক্তি হিচাবে ৰেকৰ্ড গঢ়িছিল ৷ কিন্তু ইয়াৰ পিছত এই ৰেকৰ্ড আন আৰোহীৰ হাতলৈ গুছি যায় ৷ নিজ ৰেকৰ্ড পুনৰোদ্ধাৰৰ বাবে তেওঁ 2008 চনৰ 26 মেৰ দিনা 75 বছৰ 227 দিন বয়সত আকৌ এবাৰ মাউন্ট এভাৰেষ্ট জয় কৰে ৷ আৰু লগে লগে এই খিতাপ আকৌ এবাৰ তেওঁ হাতলৈ ঘুৰি আহে ৷ কিন্তু সেই বছৰতেই নেপালৰ পৰ্বতাৰোহী মিন বাহাদুৰ শ্বেৰছানে 76 বছৰ 340 দিন বয়সত এভাৰেষ্ট আৰোহণ কৰি য়ুইছিৰো মিউৰাৰ পৰা খিতাপ কাঢ়ি লয় ৷ পিছে এই কথাতো য়ুইছিৰো মিউৰা হতাশ হৈ ভাঙি নপৰিল ৷ বাৰ্ধক্যজনিত আৰু পূৰ্বৰ পৰ্বতাৰোহন দুৰ্ঘটনাৰ ফলত হোৱা নানা শাৰিৰীক বাধাকো নেওচি য়ুইছিৰো মিউৰাই আকৌ এবাৰ খিতাপ অৰ্জনৰ লক্ষ্যৰে এভাৰেষ্ট অভিযান আৰম্ভ কৰে ৷ 2013 চনৰ 23 মেৰ দিনা 80 বছৰ 223 দিন বয়সত য়ুইছিৰো মিউৰাই তৃতীয়বাৰৰ বাবে বিশ্বৰ শীৰ্ষতম বিন্দুটোত ভৰি দি ইতিহাস সৃষ্টি কৰে ৷ বিশ্বৰ আটাইতকৈ বেছি বয়সত এভাৰেষ্ট আৰোহণ কৰা পৰ্বতাৰোহী হিচাবে য়ুইছিৰো মিউৰাৰ এই খিতাপ আজিও অক্ষুন্ন আছে ৷ ইপিনে তেওঁৰ চিৰ প্ৰতিদ্বন্দী মিন বাহাদুৰ শ্বেৰছানো এনেই বহি থকা নাই ৷ মিউৰাৰ হাতৰ পৰা আকৌ এবাৰ খিতাপ কাঢ়ি আনিবলৈ তেওঁ যোৱাবছৰ পুনৰ এভাৰেষ্ট অভিযান চলাইছিল ৷ কিন্তু সেই সময়তে নেপালৰ প্ৰলয়ংকাৰী ভুমিকম্পৰ বাবে তেওঁ অভিযান আধাতে সামৰি উভতি আহে ৷ এই বছৰো তেওঁ চেষ্টা চলাইছিল যদিও সফল নহ'ল ৷ আনহাতে য়ুইছিৰো মিউৰাও সহজে এৰি দিয়া ভকত নহয় ৷ মিন বাহাদুৰ শ্বেৰছানৰ এই প্ৰতিদ্বন্দীতাক খেলুৱৈসুলভ মনেৰে গ্ৰহন কৰি তেওঁ কৈছে যে এই ৰেকৰ্ড তেওঁ কোনোপধ্যেই বেলেগৰ হাতলৈ যাবলৈ নিদিয়ে ৷ সেয়ে খিতাপ চিৰকাল তেওঁৰ লগত ৰাখিবলৈ তেওঁ হেনো 2022 চনত 90 বছৰ বয়সত আকৌ এবাৰ এভাৰেষ্ট জয় কৰিব ৷ কি দুৰ্বাৰ বাসনা !! কি দুৰন্ত মন !! কিমান প্ৰৱল আত্মবিশ্বাস !!!
গতিকে মনত ৰাখিব, যি সময়ত দুজন প্ৰায় নব্বৈ বছৰীয়া দুৰন্ত তৰুণে খিতাপৰ বাবে বাৰে বাৰে মাউন্ট এভাৰেষ্টলৈ ঢাপলি মেলিছে সেই সময়ত আমি বয়সৰ ওচৰত হাৰ মানি কোনো সাধাৰণ কাম কৰিবলৈও এলাহ কৰাতো অতি লাজৰ কথা ৷
( যুগুতালে::: অলকেশ ভাগৱতী, গুৱাহাটী )
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment