অগ্নিগৰ্ভা ৰহা:: এইমছৰ বাবে এজনৰ আৰক্ষীৰ গুলীত মৃত্যু

নগাওঁৰ ৰহাত সৰ্ব ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছ স্থাপনৰ দাবীত কালি অসম এইমছ দাবী যুৱ মঞ্চই গ্ৰহণ কৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচীত হিংসাত্মক ঘটনা সংঘটিত হয়। অঞ্চলটোৰ হেজাৰ হেজাৰ ৰাইজে পথ অৱৰোধ কৰাত ৰাষ্ট্ৰীয় ঘাই পথটিত এক ব্যাপক জান যঁটৰ সৃষ্টি হয়। প্ৰশাসন আৰু আৰক্ষীয়ে পথ অৱৰোধ কাৰ্যসূচী উঠাই লবলৈ আহ্বান জনোৱাৰ পিছতো পথ অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ নকৰাত প্ৰশাসনে এই কাৰ্যসূচী বেআইনী বুলি ঘোষণা কৰি প্ৰথমতে কন্দুৱা গেছ প্ৰয়োগ কৰে। তেতিয়া প্ৰতিবাদকাৰী সকলে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে। প্ৰতুত্তৰত আৰক্ষী আৰু চি আৰ পি এফে গুলী চালনা কৰে। নিৰাপত্তা ৰক্ষীৰ গুলীত মিন্টু দেউৰীৰ মৃত্যু হোৱাৰ লগতে জিতুমণি কোঁৱৰ নামৰ যুৱক এজন গুৰুতৰ ভাৱে আহত হয়। আজি আন্দোলনকাৰী সংগঠন সমূহে ১০ ঘন্টীয়া ৰহা বন্ধ ঘোষণা কৰিছে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment