কেন্দ্ৰীয় কেবিনেটে প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত কালি অনুস্থিত এক বৈঠকত হিন্দু বিদেশী সকলক কিছুমান বিশেষ সুবিধা লাভৰ ক্ষেত্ৰত অনুমোদন জনাইছে। ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতত আশ্ৰয় লোৱা এই সকললোকে এতিয়া মুক্ত বিচৰণ কৰিব পাৰিব। মূখ্যত আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা এই সকল হিন্দু, খ্ৰীষ্টিয়ান, শিখ , পাৰ্চী লোকে এতিয়াৰ পৰা সম্পত্তি ক্ৰয় কৰিব পৰাৰ লগতে সম্পত্তিৰ অধিকাৰ লাভ কৰিব । তদুপৰি পান কাৰ্ড, বেংক একাউন্ট, চালকৰ অনুজ্ঞা পত্ৰ, আধাৰ কাৰ্ড, স্বনিয়োজনৰ সুবিধা লাভ কৰিব । নাগৰিকত্বৰ মাছুলো হ্ৰাস কৰি একশ টকা কৰা হৈছে । দেশৰ সাতখন ৰাজ্যৰ ১৬ খন জিলাত নাগৰিকত্ব পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছে যদিও তাত কিন্তু অসমৰ নাম উল্লেখ নাই।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment