দুৰ্নীতি নিবাৰণৰ বাবে বিশেষ উদ্যোগ ::: ঘোচৰ প্ৰমাণ দিলে ২৫ হেজাৰৰ পুৰস্কাৰ

প্ৰশাসনত দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে চৰকাৰে এক অভিনৱ পন্থা হাতত লৈছে । বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সদনত ঘোষণা কৰে--- কোনো ব্যক্তিৰ তথ্য- প্ৰমাণ , মোবাইল বা ভিডিঅ ৰেকৰ্ডিংৰ ভিত্তিত চৰকাৰী কাম কাজত ঘোচ লওতা বা দিওতাক যদি সফলতাৰে আটক কৰিব পৰা যায়, তেনে ব্যক্তিক ২৫ হেজাৰ টকাৰে পুৰস্কৃত কৰা হব। তাৰবাবে বাজেটত ১ কোটি টকা আবন্টন দিয়া হৈছে। সেয়েহে এই ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ ৰাইজ সচেতন হবৰ হল।

Share on Google Plus

About Unknown

0 comments:

Post a Comment