অসমৰ জনমূৰি ঋৃণ ১২,৫৪০ টকা:: চৰকাৰৰ ঋৃণ ৪০,৩৭৯.৭১ কোটি টকা

ঋৃণৰ বোজাই ভাৰাক্ৰান্ত কৰিছে অসম চৰকাৰক। এই তথ্য পোহৰলৈ আহিছে বিত্ত মন্ত্ৰী ডাঃ হিমন্ত বিশ্বৰ তথ্যত । তথ্য মতে, চলিত বৰ্ষৰ ৩১ মাৰ্চলৈকে ৰাজ্য চৰকাৰৰ মুঠ ঋৃণৰ বোজা আছিল ৪০,৩৭৯.৭১ কোটি টকা । সেই মৰ্মে ৰাজ্য চৰকাৰৰ বজাৰ ঋৃণ ১৩,৬৭৪.২০ কোটি টকা, কেন্দ্ৰীয় চৰকাৰৰ ঋৃণ ১,৫২১.৭৩ কোটি টকা, অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ ঋৃণ ১,৬৮৪.৩৭ কোটি টকা আৰু ৰাষ্ট্ৰীয় ক্ষুদ্ৰ সঞ্চয়ৰ পৰা ঋৃণ লৈছে ৯,৬৪৯.৮৫ কোটি টকা । তদুপৰি আন শিতানত থকা ঋৃণৰ পৰিমাণ হৈছে ১৩,৮৪৯.৮৫ কোটি টকা। এতিয়া গড় হিচাবত জনমূৰি ঋৃণ হৈছে ১২,৫৪০.২৮ টকা।

Share on Google Plus

About Unknown

0 comments:

Post a Comment