ব্ৰাজিল মানেই হল মুক্ত যৌনতাৰ দেশ। অহা ৫ আগষ্টত অনুষ্ঠিত হব লগীয়া ৰিঅ' অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত সমগ্র বিশ্বই দেখা পাব দেশখনৰ সেই পৰিচয় । ডিজেনেইৰ মাৰাকানা ষ্টেডিয়ামত হব উদ্বোধনী অনুষ্ঠান । উদ্বোধনী অনুষ্ঠানত ৰেম্পত কেটৱাক কৰিব ৩৫ বছৰ নামী ছুপাৰ মডেল গিজেলা বাণ্ডচনে। দেশখনৰ বিখ্যাত পিয়ানো বাদক পাওলা জ'বিমে পৰিবেশন কৰিব লগীয়া এটি গীতৰ তালত গিজেলাই নৃত্য কৰিব । দেহত থাকিব নামমাত্ৰ বাসন। আনহাতে এজাক প্ৰায় নগ্ন সুন্দৰীয়ে পৰিবেশন কৰিব ছাম্বা নৃত্য । কিংবদন্তী ফুটবলাৰ পেলে উদ্বোধন কৰিব লগীয়া অনুষ্ঠানটোত প্ৰায় ছয় হেজাৰ স্বল্পবসনা পুৰুষ মহিলাই ব্ৰাজিলৰ বিভিন্ন জাতিৰ সাংস্কৃতি পৰিবেশন কৰি উপভোগ্য কৰি তুলিব উদ্বোধনী অনুষ্ঠান ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment