বাংলাদেশত জেহাদীৰ আক্ৰমণ ::: ২০ জনৰ মৃত্যু

সন্ত্ৰাসবাদী সংগঠন আইছিছৰ নৰসংহাৰত ৰক্তাক্ত হৈ পৰিল চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ । ৰাজধানী ঢাকাৰ অভিজাত অঞ্চল গুলছানৰ এখন ৰেষ্টুৰেন্টত যোৱা নিশা জেহাদীয়ে নৃশংস হত্যালীলা চলাই ২০ জন বিদেশী মানুহক হত্যা কৰাৰ লগতে ৩০ জনৰো অধিক লোকক আহত কৰে। নিহত সকলৰ ভিতৰত ভাৰতৰ তাৰিচী জৈন নামৰ এগৰাকী ছাত্ৰী আছে। হলী আৰ্টিছান বেকাৰী চৌহদত অস্ত্ৰধাৰী জেহাদী প্ৰৱেশ কৰি জধে মধে গুলীচালনা কৰি ৰেষ্টুৰেন্টত থকা লোকসকলক পণ বন্দী কৰি লয়। তেওঁলোকে লোক সকলক কোৰাণ পাঠ কৰিব দিয়ে। যিসকলে পাঠ কৰিব নোৱাৰিলে তেওঁলোকক নিশংস ভাৱে হত্যা কৰে আৰু যিসকলে পাৰিলে তেওঁলোকক নিশাৰ আহাৰ খাবলৈ দিলে। সেনাবাহিনীৰ কমাণ্ডোৱে জেহাদী সকলৰ বিৰুদ্ধে অভিযান চলাই ১৩ জন জেহাদীক জীৱন্তে আটক কৰে'।এই অভিযানত ৬ জন জেহাদী আৰু ২ জন জোৱানৰ মৃত্যু হয়।

Share on Google Plus

About Unknown

0 comments:

Post a Comment