ঢাকাৰ ঘটনাত সন্ত্ৰাসবাদীয়ে ৫টা পিষ্টল,৩ টা AK ৰাইফলছ ব্যৱহাৰ কৰিছিল ::

বাংলাদেশৰ ঢাকাত অলপতে সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণত ৫ টা পিষ্টল আৰু তিনিটা AK 22 ৰাইফলছ ব্যৱহাৰ কৰিছিল । এই কথা নিশ্চিত কৰিছে ঢাকা আৰক্ষীয়ে। তদুপৰি তিনি খন চোকা চুৰি, এখনি তেজ লগা ৰুমালো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ৰক্তাক্ত ৰুমাল খনত কোনোবাই কলা চিয়াহীৰে কিবা লিখিছিল । আৰক্ষীয়ে নিহত বিদেশী লোক কেইজনৰ ভিতৰত দুজন শ্ৰীলংকাৰ, আৰ্জেন্টিনাৰ এজন, ইটালীৰ এজন, জাপানৰ এজন বুলি নিশ্চিত কৰিছে। সন্ত্ৰাসবাদী কেইজনে হত্যাকাণ্ডৰ সময়ত বাংলা ভাষাত কাৰোবালৈ মোবাইলত ফোন কৰাৰ লগতে হোটেল খনত সুস্বাদু খাদ্যৰ অৰ্ডাৰো দিছিল । উল্লেখযোগ্য যে, উক্ত হত্যা লীলাত ২২ জন লোক নিহত হৈছিল । তাৰ ভিতৰত ১৭ জন বিদেশী নাগৰিক , ২ জন আৰক্ষী আছিল । ৬ জন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে এজনক জীৱন্তে আটক কৰা হৈছিল ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment