অসমীয়া ৱিকিপিডিয়া মুক্ত বিশ্বকোষ আৰু ইয়াত কেনেকৈ লিখিব পাৰি

কোনো এটা বিষয়ৰ তথ্য ইণ্টাৰনেটত বিচাৰিলে নিশ্চয় আপুনি ইংৰাজীৰ সলনি নিজৰ মাতৃভাষাত বিচাৰিবলৈ ভাল পাব। তাৰ কাৰণে ৱিকিপিডিয়াৰ নিচিনা মুক্ত বিশ্বকোষ এখন অসমীয়া ভাষাত উপলব্ধ হ’লে আপোনাৰো ভাল লাগিব। কিন্তু কোনে লিখে প্ৰৱন্ধ আসমীয়া ৱিকিত যে আপুনি বিনা কষ্টত নিজৰ ভাষাত আপুৰুগীয়া তথ্য সমূহ লাভ কৰিব? ইয়াৰ উত্তৰ হ’ল, আপোনাৰ মোৰ নিচিনা সাধাৰণ মানুহেই ৱিকিত প্ৰৱন্ধ লিখিব পাৰে বা লিখে। ধৰক আপুনি নিজৰ জন্ম হোৱা ঠাইখনৰ বিষয়ে এটা প্ৰৱন্ধ লিখিলে আৰু মই মোৰ জন্ম হোৱা ঠাই খনৰ বিষয়ে এটা প্ৰৱন্ধ লিখিলো। তাৰপৰা আপোনাৰ ঠাইখনৰ বিষয়ে মই জানিব পাৰিলো আৰু মোৰ খনৰ বিষয়ে আপুনি। এনেকৈয়ে জ্ঞান আৰু তথ্যৰ আদানপ্ৰদান হয় ৱিকিত। জ্ঞানৰ মুক্ত বিতৰণ আৰু তথ্যৰ আদান প্ৰদানেই ৱিকিপিডিয়াৰ মূল কথা। আৰু এটা কথা হ’ল, অসমৰ বিষয়ে, বৃহত্তৰ অসমীয়া কৃষ্টি সংস্কৃতিৰ বিষয়ে বিশ্বই খুউৱ কমেইহে জানে। আমাৰ ভাষা, কলা কৃষ্টিৰ বিষয়ে বিশ্ববাসীক জনোৱাৰ বৰ্ত্তমান সময়ত অতি উপযোগী মাধ্যম হৈছে ইণ্টাৰনেট। সদ্যহতে ইণ্টাৰনেটত অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰাৰ জোৱাৰ উঠিছে যাক ই-জোনাকী যুগ বুলিও অভিহিত কৰা হৈছে। সম্প্ৰতি চাৰি খন অসমীয়া মাহেকীয়া ই-আলোচনী আৰু ভালেকেইটা অসমীয়া ব্লগৰ প্ৰকাশে এই ক্ষেত্ৰত যথেষ্ট খিনি অৱদান আগবঢ়াইছে।



শিৰোনামা দেখি হয়তো আপোনাৰ কৌতুহ’ল উপজিছে বা হয়তো ৱিকিপিডিয়াৰ বিষয়ে আপুনি জানিবও পাৰে যদিহে আপুনি তথ্য পাতি বিছাৰি ইণ্টাৰনেটত ঘূৰ্মুটিয়াই ফুৰে। কাৰণ ইণ্টাৰনেটত কোনো এটা তথ্য বিচাৰি আপুনি যেতিয়া গুগ’লত চাৰ্চ কৰে তেতিয়া প্ৰথম ৰিজাল্টটোতে ৱিকিপিডিয়াৰ লিংক ওলোৱাৰ প্ৰায় নব্বৈ শতাংশ সম্ভাৱনীয়তা বহন কৰে। আৰু আপুনি অতি সহজে বিচৰা তথ্য ৱিকিপিডিয়াত বিচাৰি পায় । কিন্তু আপুনি যদি ৱিকিপিডিয়াৰ নাম আগতে শুনা নাই তেন্তে মই কৈ দিওঁ যে ৱিকিপিডিয়া হ’ল ইণ্টাৰনেটত উপলব্ধ এখন মুক্ত বিশ্বকোষ, সমগ্ৰ পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱকে পাৰস্পৰিক সহযোগিতাৰে ইয়াক সংকলন কৰি উলিয়াইছে। মুক্ত বুলি ইয়াক দুটা কাৰণত কব পাৰি। যেনে আপুনি সম্পূৰ্ণ বিনামূল্যে ইয়াৰপৰা তথ্য আহৰণ কৰিব পাৰে আৰু আপোনাৰ ইচ্ছা অনুসৰি ইয়াত তথ্যৰ যোগান ধৰিব পাৰে কিন্তু তাৰ বাবে আপুনি কোনো মাননি নাপাব। এতিয়া কথা হ’ল অসমীয়া ৱিকিপিডিয়া আকৌ কি? ৱিকিপিডিয়া অকল ইংৰাজীতেই নহয় ই বিশ্বৰ প্ৰায় ২৮২ টা ভাষাত উপলব্ধ আৰু আমাৰ অসমীয়াও ইয়াৰ ভিতৰত এটা। হয়, ৱিকিপিডিয়া অসমীয়াতো উপলব্ধ, ইয়াক খুলিবলৈ আপোনাৰ ব্ৰাউজাৰৰ এড্ৰেছ বাৰত লিখক http://as.wikipedia.org/ আৰু এন্টাৰ কীত হেঁচা দিয়ক। ২০০২ চনৰ জুন মাহত আৰম্ভ হোৱা অসমীয়া ৱিকিপিডিয়াৰ মুঠ প্ৰৱন্ধ সংখ্যা এতিয়া ১২৫০ টা আৰু কেইজনমান সক্ৰিয় সদস্যৰ বৰঙনিৰে ইয়াৰ সংখ্যা দৈনিক বৃদ্ধি হৈ আছে। কিন্তু যদি আমাৰ ওচৰ সম্বন্ধীয় অন্য ভাষাৰ কেইখন মান ৱিকিপিডিয়াৰ লগত তুলনা কৰো তেন্তে এই সংখ্যাটো যে সন্তোষজনক নহয় সেয়া বুজিবলৈ সহজ হয়। যেনে বাংলা ৱিকিপিডিয়াৰ প্ৰৱন্ধ সংখ্যা এতিয়া ২৩,২২৮ টা সেইদৰে হিন্দি(১,০২,২৮০), নেপালী(১৯,৭৫০), সংস্কৃত(৭,৫৮০), ভোজপূৰী( ২,৭১০) আৰু ইংৰাজী(৩৯,২৩,৭৫০) টা।


জোনাকি যুগৰ এই সোণালী দিনত অসমীয়া ই-আলোচনীৰ লগতে সমানে অসমীয়া ৱিকিপিডিয়াৰ সম্প্ৰসাৰণ হোৱাতো অতি আৱশ্যকীয় বুলি আমাৰ ভাৱ হয়। অসমীয়া ৱিকিৰ প্ৰৱন্ধ সংখ্যা কম হোৱাৰ মূল কাৰণ হ’ল অৱদানকাৰী সদস্যৰ সংখ্যা কম। ইয়াৰ সংখ্যা বঢ়োৱাৰ বাবে আপুনিও ইয়াত প্ৰৱন্ধ লিখিব পাৰে বা আগতে লিখা প্ৰৱন্ধসমূহ সম্পাদনা কৰিব পাৰে। ৱিকিপিডিয়াত লিখক এজনক সাধাৰণতে সম্পাদক বুলিয়ে কোৱা হয়। সম্পাদক এজনে ইয়াত তিনি ধৰণৰ সেৱা আগবঢ়াব পাৰে, যেনে নতুন প্ৰৱন্ধ যোগ কৰা বা ইতিমধ্যে উপলব্ধ প্ৰৱন্ধ এটা সম্পাদনা কৰি ইয়াৰ মান উন্নত কৰা নাইবা ইংৰাজী বা অন্য ভাষাৰ ৱিকিৰ পৰা প্ৰৱন্ধ অনুবাদ কৰি অসমীয়াত লিখা। ৱিকিপিডিয়াত আনে লিখা প্ৰৱন্ধ এটা সালসলনি কৰি তাৰ মান উন্নত কৰাৰ সম্পূৰ্ণ অধিকাৰ এজন সম্পাদকৰ থাকে। আচলতে ৱিকিপিডিয়াৰ প্ৰায়ভাগ প্ৰৱন্ধই একাধিক লিখকৰ সহযোগিতাত পূৰ্ণাঙ্গ ৰূপ পায়। ৱিকিপিডিয়াৰ সহ-প্ৰতিস্থাপক জিমি ৱেলছ্…ৰ মতে ৱিকিপিডিয়া হৈছে পৃথিৱীৰ প্ৰত্যেক ব্যক্তিৰ মাতৃভাষাতে এখন উৎ…কৃষ্ট মানৰ বহুভাষীক মুক্ত বিশ্বকোষ ৰচনাৰ প্ৰয়াস। ইয়াৰ লক্ষ্য হৈছে সকলোৱে বিনামূলীয়াকৈ পাব পৰাকৈ জ্ঞানৰ মুক্ত বিতৰণ।
ৱিকিপিডিয়াৰ প্ৰায়বোৰ লিখনিয়ে একাধিক লিখকৰ সহযোগিতামূলক সংকলন, অৰ্থাৎ আপুনি কোনো এটা প্ৰবন্ধ লিখাৰ পিছত তাক আন যিকোনো সম্পাদকে অধিক উন্নত কৰিবলৈ নতুনকৈ তথ্য সংযোগ কৰিব পাৰে। এতিয়া আপুনি ভাবিব পাৰে আপুনি ৱিকিত লিখিবলৈ যোগ্য ব্যক্তি হয় নে নহয় তেতিয়া উত্তৰ হব ৱিকিপিডিয়াত লিখিবলৈ কোনো যোগ্যতাৰ প্ৰয়োজন নাই মাত্ৰ কিছু নীতি নিৰ্দেশনা মানি চলিলেই হ’ল। মাত্ৰ এটা কথাই মনত ৰাখিব লাগে যে ৱিকিপিডিয়া নিজৰ মৌলিক চিন্তা-চৰ্চা বা গৱেষণাৰ প্ৰকাশৰ থল নহয়, ই ছপা বিস্বকোষ নহয় ই ডিজিটেল পদ্ধতিত নিৰ্মান কৰা বিশ্বকোষ আৰু ইয়াত প্ৰকাশ কৰা তথ্য আৰু প্ৰকাশযোগ্য প্ৰবন্ধৰ নিৰ্দিষ্ট সীমা নাই। নীতি নিৰ্দেশনা সমূহৰ বিষয়ে আমি পিছত আলোচনা কৰিম, প্ৰথমে আহো প্ৰবন্ধ এটা কেনেকৈ আৰম্ভ কৰিব। অসমীয়া ৱিকিত লিখিবলৈ অসমীয়া লিখন সঁজুলিৰ প্ৰয়োজন হব। সম্প্ৰতি ইউনিক’ড পদ্ধতি ব্যৱহাৰ কৰি সাজি উলিওৱা ভালেকেইখন কীব’ৰ্ড ইন্টাৰনেটত সহজলভ্য তদুপৰি ৱিকিৰ ৱেবচাইটতে আপুনি “নাৰায়ম অসমীয়া কীব’ৰ্ড” পাব। এইখন ব্যৱহাৰ কৰিবলৈ হলে কম্পিউটাৰৰ কীব’ৰ্ডত Ctrl + M দবাওক অথবা পৃষ্ঠাটোৰ একেবাৰে ওপৰত সোঁমাজত থকা “অসমীয়া কীব’ৰ্ড” বুটামটোত ক্লিক কৰক, ইয়াত আপোনাৰ পচন্দ অনুসৰি যিকোনো এখন কীব’ৰ্ড বাছি লব পাৰিব। যিহেতু আমাৰ আলোচনাৰ উদ্দেশ্য ইউনিক’ড ব্যৱহাৰ কৰি অসমীয়া লিখাৰ ওপৰত নহয় সেয়েহে ইয়াৰ আলোচনা বেছি দিঘলীয়া নকৰো।

আহক এতিয়া প্ৰবন্ধ এটা কেনেকৈ আৰাম্ভ কৰিম তাৰ ওপৰত আলোচনা কৰো। ধৰা হ’ল আপুনি “খৰিছা” ৰ বিষয়ে অসমীয়া ৱিকিপিডিয়াত লিখিব বিছাৰিছে তেন্তে আপুনি অসমীয়া ৱিকিখন খোলক (http://as.wikipedia.org/)। পৃষ্ঠাটোৰ সোঁফালে ওপৰত আপুনি এটা Search বাকচ দেখিব, এতিয়া তাত লিখক “খৰিছা”, আৰু এন্টাৰ কী দবাওক। যদিহে ইতিমধ্যে “খৰিছা” নামৰ পৃষ্ঠাটো ৱিকিত আছে তেনেহলে সেই পৃষ্ঠাটো খোল খাব আৰু যদি নাই “খৰিছা” শব্দটোৰ উপস্থিতি থকা সকলোবোৰ পৃষ্ঠাৰ লিংকবিলাক দেখুৱাব। কিন্তু একেবাৰে ওপৰত ডাঠ আখৰেৰে লিখা থাকিব এই ৱিকিত “খৰিছা” পৃষ্ঠাখন সৃষ্টি কৰক! য’ত “খৰিছা” শব্দটো ৰঙা হৈ থাকিব আৰু হাইপাৰলিংকেৰে সংযুক্ত হৈ থাকিব। এতিয়া আপুনি যদি “খৰিছা” শব্দটোত ক্লিক কৰে তেন্তে “খৰিছা সম্পাদনা” বুলি এখন নতুন পৃষ্ঠা খোল খাব য’ত লিখা ঠাকিব “আপুনি বিচৰা প্ৰবন্ধটো বিচাৰি পোৱা নগ’ল। ইচ্ছা কৰিলে আপুনিয়েই এই প্ৰবন্ধটো লিখা আৰম্ভ কৰিব পাৰে। ইয়াত সহায় পাব। আপুনি যদি ইয়ালৈ ভুলতে আহিছে, তেনেহ’লে আপোনাৰ ব্ৰাউজাৰৰ BACK বুটামত টিপা মাৰক।“ এতিয়া তলত ওলোৱা ডাঙৰ ইনপুট বক্সটোত আপুনি “খৰিছা” প্ৰৱন্ধটো লিখিব পাৰে। বক্সটোৰ একেবাৰে তলত তিনিটা বুটাম দেখিব এই নামেৰে “পৃষ্ঠা সাঁচক”, “খচৰা দেখুৱাওক” আৰু “সালসলনি দেখুৱাওক”। আপোনাৰ প্ৰবন্ধটো দেখিবলৈ কেনেকুৱা হৈছে চাবলৈ “খচৰা দেখুৱাওক” বুটামটোত ক্লিক কৰক। এনেকুৱা কৰিলে এখন নতুন পৃষ্ঠা খোল খাব য’ত প্ৰবন্ধটোৰ খচৰা এটা দেখুৱাব। প্ৰতিবাৰ নতুন নতুন সম্পাদনা কৰাৰ সময়ত সাঁচি থোৱাৰ (Save) আগতে এবাৰ খচৰা চাই লোৱাতো ভাল অভ্যাস। যদি লিখাখিনি আপোনাৰ পচন্দ হৈছে তেন্তে “পৃষ্ঠা সাঁচক” বুটামত ক্লিক কৰিলেই “খৰিছা” নামৰ পৃষ্ঠাটো অসমীয়া ৱিকিত সৃষ্টি হ’ব। যদিহে পচন্দ নাই হোৱা তেন্তে প্ৰয়োজনীয় সংশোধনী খিনি কৰি আকৌ এবাৰ খচৰা চাই লৈ পৃষ্ঠাটো সাঁচি থব পাৰে।
যিহেতু অসমীয়া ৱিকিপিডিয়া এতিয়াও চালুকীয়া অৱস্থাতে আছে সেয়েহে ইয়াৰ প্ৰায়সংখ্যক প্ৰৱন্ধতে কিছুমান শব্দ ৰঙা ৰঙেৰে হাইপাৰালিংক হৈ থকা দেখিবলৈ পোৱা যায়। সেইবিলাক এনেকুৱা কিছুমান শব্দ যিটো এটা নতুন প্ৰৱন্ধৰ শিৰোনামা হ’ব পাৰে। উদাহাৰণ স্বৰূপে “অসম” 

নামৰ প্ৰৱন্ধটোত ভালেকেইটা এনেকুৱা ৰঙা হৈ থকা শব্দ দেখা যায় যাৰ অৰ্থ হ’ল সেইকেইটা শব্দৰে একোটা নতুন প্ৰৱন্ধ লিখিব পৰা যায়। আপুনি আপোনাৰ পচন্দ অনুসৰি ইয়াৰে যিকোনো এটা শব্দ বাছি লৈ নতুন প্ৰৱন্ধ এটা লিখিব পাৰে। তাৰ বাবে শব্দটোত ক্লিক কৰিলেই নতুন পৃষ্ঠা এখন খোল খাব আৰু তাতে আগৰ পেৰাগ্ৰাফত বৰ্ণনা কৰাৰ দৰেই আপুনি নতুন প্ৰৱন্ধ এটা লিখিব পৰিব।
অসমীয়া ৱিকিত প্ৰৱন্ধ লিখাৰ তৃতীয়টো সহজ উপায় হ’ল আন ভাষাৰ ৱিকিপিডিয়াৰ পৰা অনুবাদ কৰাটো। বহু অসমীয়াই বঙালী ভাষা পঢ়িব পাৰে আৰু বুজি পায় কাৰণে সেইখন ৱিকিপিডিয়াৰ (http://bn.wikipedia.org/) পৰা অনুবাদ কৰিবলৈ সহজ হয়। ঠিক তেনেদৰে অনুবাদৰ ক্ষেত্ৰত ইংৰাজী ৱিকিখনক (http://en.wikipedia.org/)অনুসৰণ কৰাও বেয়া নহয়। ইংৰাজী খনৰ প্ৰৱন্ধসমূহৰ গুণগত মান সাধাৰণতে উন্নত হয়। আটাইতকৈ ভাল তেতিয়া হয় যদিহে আপুনি দুখন তিনিখন ৱিকিৰ পৰা অনুবাদ কৰি অসমীয়া ৱিকি খনত লিখে। সাধাৰণতে বেলেগ বেলেগ ভাষাৰ বেলেগ বেলেগ সম্পাদকে লিখা বাবে বেলেগ বেলেগ ৱিকিৰ একে নামৰ প্ৰৱন্ধ বিলাকত বেলেগ বেলেগ ধৰণৰ তথ্য সন্নিৱিষ্ট হয়। আপুনি আপোনাৰ পছন্দৰ বিষয়টো ইংৰাজী বা আন ভাষাৰ ৱিকি এখনত বিচাৰি উলিয়াওক আৰু প্ৰথমতে উল্লেখ কৰা পদ্ধতি অনুসৰি অসমীয়া খনত নতুন প্ৰৱন্ধৰ সৃষ্টি কৰক।
দেখা গ’ল যে ৱিকিপিডিয়াত প্ৰবন্ধ লিখাটো বিশেষ ডাঙৰ কাম নহয় মাত্ৰ অলপ ধৈৰ্য্যৰ প্ৰয়োজন। অকল অসমীয়াতে নহয় ইয়াত বৰ্ণনা কৰা পদ্ধতি যিকোনো ভাষাৰ ৱিকিৰ লগত একেই হয়। যদিহে আপোনাৰ অসমীয়াৰ বাহিৰেও আন যিকোনো ভাষাত (ৱিকিপিডিয়া উপলব্ধ ভাষা) দখল আছে তেন্তে তাতো আপুনি বৰঙনি যোগাব পাৰে। ৱিকিপিডিয়াত লিখিবলৈ সাধাৰনতে এটা ব্যৱহাৰকাৰিৰ একাউন্ট (User Account) খুলি ল’লে ভাল যদিও একাউন্ট নোখোলাকৈও যিকোনো সম্পাদনা কৰিব পাৰে। তাৰ বাবে মূল পৃষ্ঠাটোৰ ওপৰত সোঁফালে থকা “প্ৰৱেশ/সদস্যভুক্তি” ত ক্লিক কৰি সদস্যভুক্তিৰ পৃষ্ঠাটোত প্ৰবেশ কৰিব পাৰে। ৱিকিপিডিয়াৰ স্থায়ী সদস্য হ’লে যিকোনো ধৰণৰ আলোচনাকে ধৰি আন বহু ক্ষেত্ৰত সুবিধা হয়। মূলত কোনো এটা প্ৰবন্ধ কোন সম্পাদকে সম্পাদনা কৰিছে পঢ়ুৱৈ বা আন এজন সম্পাদকে অতি সহজে বিচাৰি উলিয়াব পাৰে। অসমীয়া ৱিকিপিডিয়াৰ সহায়ত অসমীয়া ভাষাই জগত্সৰভালৈ যোৱাৰ নতুন ৰাস্তা মুকলি হৈছে, আহক আমি সকলোৱে মিলি আমাৰ ভাষা সংস্কৃতিৰ অমূল্য সম্ভাৰ বিস্ববাসীৰ আগত দাঙি ধৰো।

বি: দ্রঃ ওপৰোক্ত তথ্য খিনি আমালৈ পঠিয়াইছে - মাইন উদ্দিন , মুখ্য কাৰ্য্যকৰী বিষয়া , Indilens News Team
Share on Google Plus

About Unknown

0 comments:

Post a Comment