৪ অসম সন্তানলৈ সাহিত্য অকাডেমীৰ সন্মান

সাহিত্য অকাডেমীয়ে  কালি ঘোষণা কৰা ২০১৬ বৰ্ষৰ যুৱ পুৰস্কাৰ আৰু শিশু সাহিত্য পুৰস্কাৰ ৪ অসম সন্তানে লাভ কৰিবলৈ সক্ষম হৈছে। এইবাৰ দেশৰ ভিন্ন ভাষাৰ ২৪ গৰাকী যুৱ লেখকক যুৱ পুৰস্কাৰ আৰু ২১ গৰাকী লেখকক  শিশু সাহিত্য পুৰস্কাৰৰ বাবে নিৰ্বাচিত কৰা হৈছে। বড়ো ভাষাৰ কাব্য গ্ৰন্থ ' খামফ্লংগনাই বলি'ৰ বাবে বিজিত গয়াৰী আৰু অসমীয়া ভাষাত ৰচিত উপন্যাস ' জঁটাধাৰী'ৰ বাবে প্ৰাৰ্থনা শইকীয়াই যুৱ পুৰস্কাৰ লাভ কৰিছে । আনহাতে ৰশ্মি নাৰ্জাৰীয়ে ইংৰাজী ভাষাত শিশু সকলৰ বাবে  লিখা  গল্প সংকলন ' হিজ শ্বেয়াৰ অফ স্কাই' আৰু হৰিপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিয়ে শিশু সাহিত্যলৈ আগবঢ়োৱা সামগ্রিক অৱদানৰ বাবে শিশু সাহিত্য পুৰস্কাৰ লাভ কৰিছে ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment