কাঁহ শিল্প নগৰী সৰ্থেবাৰীৰ সু-সন্তান অনন্ত ভূঞাই ভাৰতীয় সেনা বাহিনীৰ উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত মাউণ্টেইন ডিভিজনৰ জি অ' চি হিচাবে দায়িত্বভাৰ লৈ গৌৰৱ কঢ়িয়াই আনিছে। সৰ্থেবাৰীৰ প্ৰয়াত পশুপতি ভূঞা আৰু জাম্বৱতী ভূঞাৰ সন্তান ভূঞাই গোৱালপাৰা সৈনিক স্কুলত অধ্যয়ন কৰি National Defence Academyত স্থান লাভ কৰিছিল । তেওঁ ১৯৮৩ চনত ছেকেণ্ড লেফটেনেণ্ট হিচাবে ভাৰতীয় সেনাত যোগদান কৰিছিল । সম্প্ৰতি মেজৰ জেনেৰেল পদত অধিস্থিত হবলৈ সক্ষম হোৱা অনন্ত ভূঞা হৈছে দ্বিতীয়জন অসমীয়া । ইয়াৰ পূৰ্বে এই পদত অধিস্থিত হৈছিল অপূৰ্ব বৰদলৈ ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment