## বাৰ কাউঞ্চিল অৱ ইণ্ডিয়াৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য, দেশৰ প্ৰায় ৪৫ শতাংশ আইনজীৱীয়ে ভুৱা, ৫৫ৰ পৰা ৬০ শতাংশহে প্ৰকৃত অধিবক্তা, ভুৱা আইনজীৱীৰ এই তথ্যই দেশজুৰি সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ।
## গণৰাজ্য দিৱসক লৈ দেশজুৰি নিশ্ছিদ্ৰ নিৰাপত্তা, গুৰুত্বপূৰ্ণ ৰাজহুৱা স্থান, ব্যস্ত ৰাজপথ, তালাচী চকী আৰু গণৰাজ্য দিৱস আয়োজন হ’বলগা স্থানসমূহত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে, ৰাজ্য চৰকাৰৰ উদ্যোগত খানাপাৰাৰ পশু চিকিত্সা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত পূৰ্ণ আয়োজন চলিছে গণৰাজ্য দিৱস আয়োজনৰ, এইবাৰৰ গণৰাজ্য দিৱসত নতুন দিল্লীৰ ৰাজপথত দেখা যাব অসমৰ প্ৰতীকপট কামাখ্যা মন্দিৰ।
## অসম অৰুণাচল সীমান্তত অব্যাহত চেপা উত্তেজনা, জাগুনত উগ্ৰপন্থী বিচাৰি গাঁৱে গাঁৱে সেনা-আৰক্ষীৰ অভিযান, উগ্ৰপন্থীবিৰোধী অভিযানত গাঁওবাসীক হাৰাশাস্তি।
## অসমতে মূল্য নাই অসমীয়া চলচ্চিত্ৰৰ, হিন্দী ছবি প্ৰদৰ্শনৰ বাবে বুধবাৰৰ পৰা ৰাজ্যৰ ছবি গৃহত প্ৰদৰ্শন নহয় ছাকিৰা আহিব বকুলতলৰ বিহুলৈ, চিনেমাগৃহৰ স্বত্ত্বাধিকাৰীৰ এই সিদ্ধান্তত ক্ষুব্ধ ছবিখনৰ কলা-কুশলী, ৰাজ্য চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান।
## চৰকাৰী বিদ্যালয়ত পাঠ্যপুথ প্ৰদানত ব্যৰ্থ ৰাজ্য চৰকাৰ, কাইলৈ ৰাজ্যজুৰি আছুৱে ৰূপায়ণ কৰিব বিক্ষোভ কাৰ্যসূচী, চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান আছুৰ।
## কোকৰাঝাৰত আজি পালন কৰা হৈছে পবিত্ৰ বাসু দিৱস, BTADত আজি বাসু দিৱস উপলক্ষে স্থানীয়ভাৱে চৰকাৰী বন্ধ ঘোষণা প্ৰশাসনৰ।
## আজি ত্ৰিপুৰাৰ গোমটিত শুভ উদ্বোধন কৰা হ’ব আগৰতলা-উদয়পুৰ ৰে’লসেৱাৰ, প্ৰায় ৪৪.৭৬ কি.মি. দৈৰ্ঘ্যৰ এই ৰে’লসেৱাৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিব ৰে’লমন্ত্ৰী সুৰেশ প্ৰভু আৰু মুখ্যমন্ত্ৰী মানিক সৰকাৰ।
## আজি উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন, ইতিমধ্যে তুংগত উঠিছে ৰাজ্যখনৰ নিৰ্বাচনী প্ৰচাৰ।
## ঘন কুঁৱলীৰ ফলত ব্যাহত দিল্লীৰ যাতায়াত, সময়তকৈ পলমকৈ যাত্ৰা ২৫খন ৰে’লৰ, ৯খন ৰে’লৰ যাত্ৰাৰ সময়সূচীৰ পৰিৱৰ্তন আৰু বাতিল কৰা হৈছে ১খন ৰে’লৰ যাত্ৰা, প্ৰভাৱ পৰিছে বিমানৰ চলাচলতো, বিপৰ্যস্ত সাধাৰণ জনজীৱন।
## ইংলেণ্ডৰ বিৰুদ্ধে টি-২০লৈ ভাৰতীয় দল ঘোষণা, বিৰাট কোহলিৰ নেতৃত্বাধীন ভাৰতীয় দলটোত ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাক জিৰণি দিয়াৰ বিপৰীতে ভাৰতীয় দলত স্থান লাভ কৰিছে অমিত মিশ্ৰ আৰু পাৰভেজ ৰছুলে।
## বছৰটোৰ প্ৰথমখন গ্ৰেণ্ডশ্লাম প্ৰতিযোগিতা অষ্ট্ৰেলিয়ান অপেনৰ মহিলা ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ৰাফেল নাডাল আৰু ছেৰেনা উইলিয়ামছৰ, পুৰুষৰ ডাবলছত লিয়েণ্ডাৰ পেজৰো কোৱাৰ্টাৰত প্ৰৱেশ।
[Courtesy :: NEWS18]
0 comments:
Post a Comment