## আগন্তুক গণৰাজ্য দিৱস বৰ্জনৰ আহ্বানেৰে সংবাদ মাধ্যমলৈ আলফা(স্বাঃ)ৰ ই–মেইল বিবৃতি। আলফা(স্বাঃ)কে ধৰি উত্তৰ–পূবৰ ৭টা বিদ্ৰোহী সংগঠনে প্ৰৰণ কৰা যৌথ বিবৃতিত গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান। CorComৰ ৪টা সংগঠন, GNLA আৰু HNLCৰো গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান। অসম, মণিপুৰ আৰু মেঘালয়ত ২৬ জানুৱাৰীত ২৪ ঘণ্টীয়া বন্ধৰ আহ্বান সংগঠনকেইটাৰ।
## তিনিচুকীয়াৰ জাগুনত উত্তপ্ত পৰিস্থিতি। ৱাৰাবস্তিত ৰাজপথৰ সমীপত অন্তিমটো IEDৰ বিস্ফোৰণ ঘটাই ধ্বংস কৰে দিনজানৰ সেনা শিবিৰৰ বোমা বিশেষজ্ঞই। পুৱা সংঘৰ্ষস্থলীত উদ্ধাৰ হৈছিল ৩টা IED।
## টিংকুপানী বনাঞ্চলত উগ্ৰপন্থী থকাৰ সন্দেহ। জংঘলত লুকাই থকা উগ্ৰপন্থীৰ এটা দলৰ বিৰুদ্ধে তীব্ৰতৰ কৰা হৈছে অভিযান। হেলিকপ্টাৰেৰে অভিযান সেনা-আৰক্ষীৰ দলৰ। অভিযানত সহযোগ অৰুণাচল আৰক্ষীৰ।
## মুখ্যমন্ত্ৰীৰে মোৰ কোনো সংঘাত নাই আৰু বিজেপিত সংঘাতৰ অৱকাশ নাই। দুয়োজন নেতাৰ সংঘাত সন্দৰ্ভত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই স্পষ্টীকৰণ। জাতি-মাটি-ভেটিৰ স্বাৰ্থত AGP, BJP আৰু BPF মিলি থকাটো বিচাৰোঁ বুলিও উল্লেখ হিমন্ত বিশ্ব শৰ্মাৰ। জাগুনৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা হিমন্ত বিশ্ব শৰ্মাৰ।
## ৰাজ্যৰ বিদ্যালয়সমূহে বৰঙণি ল’ব পাৰে। উচ্চতৰ মাধ্যমিক, স্নাতক, স্নাতকোত্তৰৰ ছাত্ৰ-ছাত্ৰীকহে মাচুল ৰেহাই দিয়া হৈছে বুলি মন্তব্য শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
## ৰাজ্যৰ বাবে এখন ভাল বাজেটৰ বাবে ব্যস্ত আছে বিত্ত বিভাগ। এইবাৰ ৰাইজক এখন ভাল বাজেট উপহাৰ দিম বুলি উল্লেখ হিমন্ত বিশ্ব শৰ্মাৰ।
## চলিত বৰ্ষৰ পৰা ৰাজ্যত আৰম্ভ হ’ব গুণোৎসৱ। ১৭ৰ পৰা ১৯ মাৰ্চলৈ ৪৮ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ মাজত হ’ব গুণোৎসৱ। মহানগৰীৰ বি টি কলেজৰ ৰূপালী জয়ন্তী অনুষ্ঠানত শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা।
## জাল্লিকাট্টুৰ সমৰ্থনত জ্বলিছে তামিলনাডু, ক্ৰমাত্ জংগী হৈ পৰিছে জাল্লিকাট্টুৰ সমৰ্থনকাৰী। প্ৰতিবাদকাৰীয়ে জ্বলালে থানাৰ বাহিৰত থকা গাড়ী। চেন্নাইৰ আইচ হাউছ থানাৰ বাহিৰত হতাহতি আৰু দুয়োপক্ষৰ হতাহতিত আহত ২০জনৰো অধিক লোক, ৰাজ্যখনৰ আন অঞ্চলতো হিংসাত্মক পৰিস্থিতি।
## তামিলনাডুত জাল্লিকাট্টুৰ নিষিদ্ধকৰণ উঠাই ল’বলৈ সন্ধিয়া ৫ বজাত তামিলনাডু চৰকাৰে এক বিশেষ অধিৱেশন আয়োজন কৰিছে। অধিৱেশনত জাল্লিকাট্টু সম্পৰ্কীয় খচৰা বিধেয়ক উত্থাপন কৰা হ’ব।
## পাথাৰকান্দিৰ চম্পাবাৰীত বন্যহস্তীৰ উপদ্ৰৱ। চম্পাবাৰীৰ ১৮নং লাইনত বন্যহস্তীয়ে ভাঙিলে শান্তনু তাঁতী আৰু শ্যামসুন্দৰ নাইডু নামৰ দুজন লোকৰ ঘৰ। বনৰীয়া হাতীৰ উপদ্ৰৱত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ।
## তিতাবৰৰ বৰহোলাৰ গড়াজান তিনিআলিত ১০০ কোটিটকীয়া পানীযোগান আঁচনিয়ে সৃষ্টি কৰিছে বানৰ। তিনিদিন ধৰি কেইবাটাও পৰিয়ালে ইয়াৰ দুৰ্ভোগ ভুগিব লগা হৈছে।
## ক্ষেত্ৰীৰ হত্যাকাণ্ডৰ ২ অভিযুক্ত কৰায়ত্ত। ধৃত জয়ন্ত ৰংপি আৰু গুপ্ত কাথাৰ। দুয়োকে ৩ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ, শুকুৰবাৰে ক্ষেত্ৰীত বলাত্কাৰ কৰি হত্যা কৰিছিল এগৰাকী যুৱতীক।
## নলবাৰীৰ বলোৱা চিকিৎসালয়ত নিশা চোৰৰ তাণ্ডৱ, তলা ভাঙি লুটি নিলে টিভি, ইনভাৰ্টাৰসহ ৫খন ফেন, ঘটনাস্থলীত উপস্থিত বেলশৰ আৰক্ষীৰ দল।
[Courtesy :: NEWS18 ]
0 comments:
Post a Comment