দুটা আন্তঃৰাষ্ট্রীয় বঁটা গঁড় সংৰক্ষণ বিষয়ক তথ্যচিত্র ‘ফাইনেল এমেন’লৈ



দিল্লীত অনুষ্ঠিত হোৱা এ পি জে আব্দুল কালাম আন্তর্জাতিক চলচিচত্র মহোৎসৱত প্রদর্শিত হোৱা তথ্যচিত্র ‘ফাইনেল এমেন’-এ লাভ কৰিছে শ্রেষ্ঠ পৰিচালক আৰু শ্রেষ্ঠ ধাৰাভাষ্যকাৰৰ বঁটা৷ ৰাজ্যৰ বিশিষ্ট সাংবাদিক, পৰিচালক শিৱাণু বৰা আৰু ৰমেন বৰাই পৰিচালনা আৰু প্রযোজনা কৰা তথ্যচিত্রখনে মহোৎসৱত শ্রেষ্ঠত্ব প্রদর্শন কৰি আন্তর্জাতিক সন্মান কঢ়িয়াই আনি ৰাজ্যক গৌৰৱৰ অধিকাৰী কৰিছে৷ ৰাজ্যত ধাৰাবাহিক গঁড় নিধন যজ্ঞ চলি থকাৰ সময়ত অসম গৌৰৱ এশিঙীয়া গঁড়ৰ অস্তিত্ব বিপন্ন হৈ পৰাৰ বিষয়বস্তুক সামৰি নির্মিত হোৱা তথ্যচিত্রখন কালি আন্তর্জাতিক চলচিচত্র মহোৎসৱত প্রদর্শিত হৈছিল৷ তথ্যচিত্রৰ শিতানত শ্রেষ্ঠ পৰিচালকৰ লগতে শ্রেষ্ঠ ধাৰাভাষ্যকাৰৰ বঁটা লাভ কৰা হিন্দী ভাষাৰ তথ্যচিত্রখনৰ পৰিচালক শিৱাণু বৰা, ৰমেন বৰা আৰু ধাৰাভাষ্যকাৰ আছিল জিতেন্দ্র ৰাম প্রকাশ৷ গান্ধী পীচ ফাউণ্ডেশ্যনে আয়োজন কৰা আন্তর্জাতিক চলচিচত্র মহোৎসৱখনত মুঠ ১৬ খন তথ্যচিত্র প্রদর্শিত হৈছিল৷ হিন্দী ভাষাৰ লগতে অসমীয়া আৰু ইংৰাজী ভাষাতো নির্মিত হোৱা ‘ফাইনেল এমেন’ৰ সংগীত পৰিচালক মনোজ শর্মা, চিনেমাট’গ্রাফাৰ হিতেন ঠাকুৰীয়া, ছাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে অমৃত প্রীতমে৷ 
Share on Google Plus

About Unknown

0 comments:

Post a Comment