
“অসমত এজনো বাংলাদেশী মুছলমান নাই।” এই বিস্ফোৰণ জমিয়ত উলেমাৰ সৰ্বভাৰতীয় সভাপতি আছাদ মাদানীৰ। সাংগঠনিক কাম-কাজৰ বাবে অসম ভ্ৰমণলৈ অহা জমিয়তৰ সভাপতি মাদানীয়ে কয় যে সমগ্ৰ দেশৰ লগতে অসমতো সাম্প্রতিক সময়ত মুছলমানসকল সুৰক্ষিত নহয়। অসমত মুছলমানসকল নির্যাতনৰ বলি হৈ আহিছে। বি টি এ ডিত মুছলমানৰ ঘৰ-বাৰী জুলাই দিয়া হৈছে। অত্যাচাৰত গৃহহাৰা হােৱা মুছলমান লোকসকলে এতিয়াও সংস্থাপনৰ অভাৱত ৰাজপথৰ ওপৰতে আশ্রয় গ্রহণ কৰি আহিছে। এনে নিৰাপত্তাহীন পৰিৱেশ বর্তি থকা অৱস্থাত বাংলাদেশী মুছলমান অসমলৈ কিয় মৰিবলৈ আহিব বুলিও তেওঁ প্রশ্ন কৰে। তেওঁ লগতে বাংলাদেশত কোনো হিন্দুক মুছলমানে অত্যাচাৰ কৰা নাই বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে। ইপিনে, ৰাজ্যখনৰ ১১খন জিলাত হিন্দুতকৈ মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ প্ৰসংগত মাদানীয়ে কয় যে সংস্থাপনৰ তাগিদাত বহু হিন্দু আন স্থানলৈ যোৱাৰ বাবেও হিন্দুৰ জনসংখ্যা কমিব পাৰে। তদুপৰি মুছলমানে অধিক সন্তান জন্ম দিয়াৰ বিপৰীতে হিন্দুৱে কম সন্তান জন্ম দিয়াটােও মুছলমান জনসংখ্যা বৃদ্ধিৰ কাৰণ হ’ব পাৰে। কিন্তু ইয়াৰ অর্থ সংশ্লিষ্ট জিলাকেইখনত বাংলাদেশী মুছলমান ভৰি পৰাটাে নুবুজায়।
0 comments:
Post a Comment