বিজেপিৰ সংখ্যালঘু মৰ্চা লখিমপুৰ লোকসভা আৰু বৈঠালাংছ’ বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নির্বাচনত দলৰ হৈ ব্যাপক প্ৰচাৰ চলাবলৈ সাজু হৈছে । কালি দলৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক কার্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি সংখ্যালঘু মৰ্চাৰ সভাপতি মমিনুল আৱালে কয় যে ইতিমধ্যে জামাত-উলেম-ই অসমে বিজেপি প্রার্থৰ হৈ প্ৰচাৰ অভিযানত অংশগ্রহণ কৰিবলৈ সাজু হৈছে। জামাত-উলেমাই অসমৰ ৫০০ উলেমা আৰু মৌলানাৰ নেতৃত্বত লখিমপুৰ আৰু বৈঠালাংছ’ত এই প্ৰচাৰ অভিযান চলিব বুলি মমিনুল আৱালে সংবাদ মেলত সদৰী কৰে। তেওঁ লগতে কয় যে কেন্দ্ৰৰ নৰেন্দ্ৰ মােদী নেতৃত্বাধীন চৰকাৰৰ ‘সব কী সাথ, সব কা বিকাশ’ নীতিৰ প্ৰতি সংখ্যালঘু ৰাইজ আশ্বস্ত হৈছে। সেই বাবেই সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ ওপৰতো সংখ্যালঘু ৰাইজে আস্থা প্রকাশ কৰিছে। খিলঞ্জীয়া সংখ্যালঘু ৰাইজৰ সমস্যাসমূহ সমাধানৰ বাবে অহা ৫ নৱেম্বৰত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৰাজ্যৰ প্ৰায় ৩৫টা সংখ্যালঘু সংগঠনৰ লগত এখন বৈঠকত মিলিত হ’ব বুলি আজিৰ সংবাদ মেলত বিজেপি নেতাগৰাকীয়ে জানিবলৈ দিয়ে। এই বৈঠকত ইছলাম, খ্ৰীষ্টান, শিখ, বৌদ্ধ আৰু জৈন ধর্মাৱলম্বী সংগঠনে অংশগ্রহণ কৰিব। উল্লেখ্য যে সংবাদ মেলখনত উপস্থিত থাকি জামাত-উলেমা-ই অসমৰ সভাপতি মুফতি ইবাদুৰ ৰহমান কাছিমীয়ে কয় যে বিজেপি সন্দৰ্ভত মৌলানাৰ মনত কোনো বিদ্বেষ ভাব নাই। ২০১৪ চনতে তেওঁ বিজেপিৰ সদস্য পদ গ্রহণ কৰিছে আৰু এতিয়াও দলৰ হৈ কাম কৰি আছে। দেওবন্দৰৰ দাৰুল উলুমৰ পৰা তালিম লোৱাৰ পাছতো তেওঁক বিজেপিত যোগদান কৰাৰ ক্ষেত্ৰত কোনেও ফতোৱা দিয়া নাই। ফতোৱা জাৰি কৰিব নোৱাৰেও । কাৰণ বিজেপি এটা ধর্মনিৰপেক্ষ দল। উল্লেখ্য যে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত কেইবাগৰাকীও মৌলানা উপস্থিত থাকে।
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment