এন আৰ চিত নাম সোমাব অসমত ধাৰাবাহিকভাৱে বসবাসৰ নথি দিলেহে:: ড° হিমন্ত বিশ্ব

জ্যেষ্ঠ মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে , এন আৰ চিত নাম অন্তভূক্তিৰ বাবে আবেদন জনোৱাসকল ধাৰাবাহিকভাৱে অসমত বসবাস কৰি থকাৰ তথ্য জমা দিবলৈ কেবিনেট উপ-সমিতিয়ে পৰামর্শ দিছে। এতিয়া বিষয়টাে উত্থাপন হ’ব কেবিনেট বৈঠকত। জ্যেষ্ঠ মন্ত্রী ড° শৰ্মাই কয়— ‘তদানীন্তন কংগ্ৰেছ চৰকাৰে বিধানসভাৰ মজিয়াত দাখিল কৰা এখন শ্বেতপত্ৰত দিয়া তথ্য অনুসৰি প্ৰয়াত বিমলাপ্রসাদ চলিহা মুখ্যমন্ত্রী হৈ থাকোতে ১৯৬৫ৰ পৰা ১৯৬৮ চনৰ ভিতৰত ৩ লাখ লোকক বহিষ্কাৰ কৰা হৈছিল। ১৯৬৫ চনত খেদা মানুহ এজন ১৯৭১ চনত পুনৰ অসমত প্রৱেশ কৰিব পাৰে। কিন্তু সেই মানুহজনে এন আৰ চিত নাম অন্তভূক্তিৰ বাবে তথ্য হিচাপে ১৯৬৫ চনৰ নথি এখন দেখুৱালে নহ’ব। বিপদটাে হৈছে ধাৰাবাহিকভাৱে বসবাস কৰি থকাৰ কোনো নথি বিচৰা হােৱা নাই। এই বিষয়টাে কেবিনেট উপ-সমিতিৰ দৃষ্টিগোচৰ হােৱাত আমি পৰামর্শ আগবঢ়াইছোঁ। কাৰণ কেবিনেট উপ-সমিতিয়ে একো চূড়ান্ত সিদ্ধান্ত ল’ব নোৱাৰে। এতিয়া বিষয়টো কেবিনেটলৈ যাব। যদিহে কেবিনেটে সহমতত উপনীত হয়, তেন্তে নিশ্চিতভাৱে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হােৱাৰ সিদ্ধান্ত হ’ব। কিয়নাে সমগ্ৰ বিষয়টাে উচ্চতম ন্যায়ালয়ৰ কর্তৃত্বাধীন।” মূলতঃ সেই সময়ত বহিষ্কাৰ কৰা মানুহৰ তালিকা নথকা বাবেই ধাৰাবাহিকভাৱে বসবাসৰ তথ্য অতি জৰুৰী বুলি তেওঁ উল্লেখ কৰে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment