দুখীয়া পৰীক্ষার্থীলৈ সুখবৰ :: মেট্রিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মাচুল ৰেহাই




শিক্ষা মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই চলিত বৰ্ষৰ হাইস্কুল, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্র-ছাত্ৰীসকললৈ এক গুৰুত্বপূর্ণ ঘোষণা কৰিছে । এই ঘোষণা অনুসৰি যিসকল পৰীক্ষার্থী চৰকাৰী, প্রদেশীকৃত অথবা ভেন্সাৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰা আৰু পিতৃ-মাতৃৰ বার্ষিক আয় ১ লাখ টকাতকৈ কম, তেওঁলোকে আবেদন প্ৰ-পত্ৰ পূৰণৰ মাচুল ৰেহাই পাব। তেওঁ দিয়া তথ্য মতে, প্রতিজন হাইস্কুল, হাইমাদ্ৰাছা চূড়ান্ত পৰীক্ষার্থৰ বিপৰীতে অসম মাধ্যমিক শিক্ষা পৰিষদে' (ছেবা) আবেদন প্ৰ-পত্ৰ মাচুল হিচাপে সংগ্রহ কৰে ৮৩০ টকা। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ক্ষেত্ৰত মাচুল হিচাপে একোজন পৰীক্ষার্থৰ পৰা ১,১০০ টকাকৈ লয় ‘অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ’-এ। এইবাৰ - হাইমাদ্ৰাছা চূড়ান্ত পৰীক্ষাত প্রায় ৪.১০ লাখ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ১.৭৫ লাখ ছাত্র-ছাত্রীয়ে হ’ব। মন্ত্রী ড° শৰ্মাই কয়— হাইস্কুল-হাইমাদ্ৰাছা চূড়ান্ত পৰীক্ষাত অৱতীর্ণ হ’বলগীয়াসকলৰ ভিতৰত ২.৩৫ লাখ ছাত্রছাত্রীয়ে চৰকাৰী, প্রাদেশীকৃত অথবা ভেন্সাৰ শিক্ষানুষ্ঠানত পঢ়া। একেদৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ১.৭৫ লাখ পৰীক্ষার্থীয়ে পঢ়ে চৰকাৰী, প্রাদেশীকৃত থবা ভেন্সাৰ শিক্ষানুষ্ঠানত। মাচুল ৰেহাই সিদ্ধান্তৰ ফলত এইসকল ছাত্র-ছাত্রীয়ে প্রত্যক্ষভাৱে উপকৃত হ’ব। পিতৃ-মাতৃৰ আয় সম্পৰ্কীয় প্রমাণ-পত্ৰ দিয়াৰ বাবে সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ অধ্যক্ষ অথবা প্রধান শিক্ষকক লৈ এখন কমিটী । এই কমিটীখনৰ সদস্য হ’ব শিক্ষানুষ্ঠানখনৰ ৩জন জ্যেষ্ঠ শিক্ষক।” এনেদৰে মাচুল ৰেহাই দিয়াৰ বাবে ‘অসম মাধ্যমিক শিক্ষা পৰিষদ’ আৰু ‘অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ’ৰ যি লোকচান হ’ব, সেয়া ৰাজ্য চৰকাৰে ঘূৰাই দিব বুলি মন্ত্রী ড° শৰ্মাই সদৰী কৰে। এইবাৰ ৰেহাই দিবলগীয়া মাচুলৰ পৰিমাণ সামগ্রিকভাৱে প্রায় ৩০ কোটি টকা হ’ব বুলি শিক্ষা বিভাগে অনুমান কৰিছে।
Share on Google Plus

About Unknown

0 comments:

Post a Comment