
৫০০ আৰু ১০০০টকীয়া নোট নিষিদ্ধকৰণৰ পাছত দেশবাসীৰ মাজত সৃষ্টি হােৱা অসুবিধা আঁতৰ কৰিবলৈ কি পদক্ষেপ গ্রহণ কৰিছে তাৰ বিতং তথ্য শপতনামাযোগে দাখিল কৰিবলৈ নির্দেশ দিছে কেন্দ্রক উচ্চতম ন্যায়ালয়ে। কেন্দ্রীয় চৰকাৰে ৫০০ আৰু ১০০০টকীয়া নোট নিষিদ্ধ কৰি বলৱৎ কৰা নতুন মুদ্রানীতিক স্থগিত কৰিবলৈ অস্বীকাৰ কৰিছে সর্বোচ্চ ন্যায়ালয়ে। প্রাক্তন কংগ্ৰেছী মন্ত্রী তথা জ্যেষ্ঠ অধিবক্তা কপিল শিবালকে ধৰি কেইবাজনো অধিবক্তাই কেন্দ্র চৰকাৰৰ বিমুদ্রাকৰণ নীতিক স্থগিত ৰখাৰ বাবে জনোৱা আবেদনৰ শুনানি গ্রহণ কৰি এই সিদ্ধান্ত দিয়ে উচ্চতম ন্যায়ালয়ে। সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ টি এছ ঠাকুৰ আৰু ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে আবেদনৰ শুনানি গ্রহণ কুৰি বিমুদ্রাকৰণ নীতিক স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰি বিমুদ্রাকৰণ নীতিক স্থগিত ৰাখিবলৈ অমান্তি হৈছে। ক’লা ধনৰ বিৰুদ্ধে চলোৱা ছাৰ্জিকেল ষ্ট্রইক অথবা কাপেট বোন্বিঙৰ সমান্তৰালকৈ সাধাৰণ নাগৰিকৰাে কিছু ক্ষতি হােৱা বুলি উল্লেখ কৰি সাধাৰণ নাগৰিক যাতে ভুক্তভোগী নহয় তাৰ ব্যৱস্থা কৰা উচিত বুলি কেন্দ্ৰক নির্দেশ দিয়ে বিচাৰপীঠে। গুৰুত্বপূর্ণ যে মুখ্য ন্যায়াধীশ টি এছ ঠাকুৰে সাধাৰণ নাগৰিকৰ অসুবিধা হােৱাটাে অনুভৱ কৰি ধন উলিওৱাৰ আৰ বি আইক কোনো জাননী নিদিয়াকৈ এই বিষয়টােৰ ওপৰত অহা ২৫ নৱেম্বৰত শুনানি কৰিব বুলি প্রকাশ কৰিছে উচ্চতম ন্যায়ালয়ে।
0 comments:
Post a Comment