বন্ধ:: ৰাইজৰ সমস্যা আৰু চৰকাৰৰ দায়বদ্ধতা



ঋতুপর্ণা শইকীয়া:
আগতে কোনো এটা সংগঠনে বন্ধ ঘোষণা কৰিলে মাজত কিছুদিন সময় পোৱা গৈছিল আৰু বন্ধৰ সপক্ষে বা বিপক্ষে অন্যান্য সংগঠনে দৃষ্টিভংগী প্রকাশ কৰিছিল। কিন্তু আজিকালি কিছুমান বন্ধ ইমান আচম্বিতে ঘোষণা কৰা হয় যে ইয়াৰ ভিত্তিত জনমত গঠন হােৱাৰ পৰিৱর্তে তৎকালীনভাৱে ঘোষিত বন্ধই সাধাৰণ ৰাইজৰ দৈনন্দিন জীৱন প্ৰৱাহত প্রাচীৰৰ সৃষ্টি কৰে। বর্তমান সময়ত বিভিন্ন ৰাজনৈতিক, অর্থনৈতিক, সামাজিক কাৰণত দিয়া তৎকালীন বন্ধত যান-বাহনৰ সমস্যাত স্কুলকলেজৰ ছাত্ৰ-ছাত্রীয়ে শিক্ষানুষ্ঠানলৈ যোৱাত যথেষ্ট অসুবিধাৰ পায়। লগতে ই ব্যৱসায় খণ্ডতো বৃহৎ লোকচান কৰে। বন্ধই যাতে ৰাজ্যখনৰ সামগ্রিক পৰিৱেশত ক্ষতি বা সমস্যাৰ সৃষ্টি নকৰে তাৰ প্ৰতি চকু ৰখাটাে চৰকাৰৰ কর্তব্য। চৰকাৰে বন্ধৰ দিনটোৰ বাবে আগতীয়াকৈ স্পষ্ট নীতি গ্রহণ কৰিলে ৰাইজৰ পক্ষে মংগলদায়ক হ'ব। ক্ষতিকাৰক আৰু অপ্রয়োজনীয় বন্ধৰ বিৰুদ্ধে সুচিন্তিত নীতি আৰু কাৰ্যপন্থা গ্রহণ কৰিব লাগে বিশেষকৈ উঠি অহা প্রজন্মই নিজৰ জীৱন সংগ্ৰামত আগবাঢ়োতে যাতে অনাকাংক্ষিত বাধাৰ সন্মুখীন হ’ব লগা নহয় তাৰ প্ৰতি দৃষ্টি ৰখাটো সকলোৰে কর্তব্য।
Share on Google Plus

About Unknown

0 comments:

Post a Comment