দিল্লীত ভয়াৱহ ৰূপ লৈছে বায়ু প্ৰদূষণে ::তিনি দিনলৈ বিদ্যালয় বন্ধ



অৰবিন্দ কেজৰিৱাল চৰকাৰে দিল্লীত শেহতীয়াকৈ বায়ু প্ৰদূষণে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি দিল্লীৰ সকলো বিদ্যালয় অহা তিনি দিনলৈ বন্ধ ঘোষণা কৰিছে। দিল্লীত বায়ু প্ৰদূষণ হাসৰ বাবে অহা পাঁচ দিনৰ বাবে সকলোধৰণৰ ভগা-ছিগা কার্য বন্ধ ৰখাৰ উপৰি নিৰ্মাণকার্যও নিষিদ্ধ ঘোষণা কৰিছে।কালি কেজৰিৱাল চৰকাৰে দিল্লীৰ বায়ু প্ৰদূষণ ৰোধৰ বাবে অহা দহ দিনলৈ হাস্পতাল আৰু জৰুৰীকালীন ঠাইবোৰৰ বাহিৰে সকলো ঠাইতে ডিজেলচালিত জেনেৰেটৰ চলোৱাটাে বন্ধ ঘোষণা কৰিছে। আম আদমি পাৰ্টিৰ নেতাজনে দিল্লী কেবিনেটৰ গুৰুত্বপূর্ণ বৈঠকত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গ্রহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে সদৰী কৰি এক সংবাদমেলত এই কথা প্রকাশ কৰে। তাৰ লগতে শস্যৰ ৰৈ যোৱা অংশ, খেৰ আদি দাহ কৰিলে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও প্রকাশ কৰে কেজৰিৱালে। মুখ্যমন্ত্রীয়ে আৰু সদৰী কৰামতে পথৰ ‘ভেকুৱাম ক্লিনিং’ অহা দহ নৱেম্বৰৰ পৰা আৰু পথত ‘জেট প্রিংকলিং” আজিৰ পৰা আৰম্ভ হ’ব। দিল্লীৰ সমীপস্থ বদৰপুৰ কাৰখানা আৰু 'ফ্লাই এছ'ৰ পৰিবহণ অহা দহ দিনৰ বাবে বন্ধ থাকিব। প্ৰদূষণ ৰােধৰ ব্যৱস্থা হিচাপে দিল্লীত যুগ আৰু অযুগ্ম গাড়ী চলোৱাৰ ব্যৱস্থা পুনৰ চহৰখনত প্রৱর্তন কৰা হ’ব বুলিও কেজৰিৱালে ঘোষণা কৰে। কেবিনেট বৈঠকত দিল্লীত কৃত্রিম বৰষুণ দিয়াৰ সম্ভাৱনীয়তা সন্দর্ভতে আলোচনা হয়। কেজৰিৱালে বায়ু প্ৰদূষণৰ দ্বাৰা তাৎক্ষণিকভাৱে আক্রান্ত হ’ব পৰা শিশু আৰু কিশোৰৰ লগতে হৃদৰােগ তথা হাওঁফাওঁৰ ৰোগত আক্রান্ত লোকসকলক ঘৰৰ ভিতৰতে থকাৰ বাবে পৰামর্শ দিছে। ইফালে যোৱা সপ্তাহৰ পৰা দিল্লীত আৰম্ভ হােৱা ধোঁৱা মিহলি কুঁৱলী বা ধুৱলীৰ ভয়াৱহতা আজিও দিল্লীত বিৰাজমান। ধুৱলীৰ বাবে চহৰখনৰ দৃশ্যসাধ্যতা (ভিজিবিলিটি) ২০০ মিটাৰলৈ হাস পায়।
Share on Google Plus

About Unknown

0 comments:

Post a Comment