ড° হীৰেন গোহাঁইক মুকলি আলোচনালৈ আহ্বান জনাম:: ড° হিমন্ত বিশ্ব শৰ্মা



জ্যেষ্ঠ মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব আইন (সংশোধনী) বিধেয়কৰ বিৰােধিতা কৰি অহা ড° হীৰেন গোহাঁইক মুকলি আলোচনালৈ আহ্বান জনাব। এই সন্দৰ্ভত তেওঁৰ বক্তব্য— এফালে ড° হীৰেন গোহাঁই ছাৰ বহক, আনফালে মই বহােঁ। আলাপ-আলোচনা হােৱাততো আপত্তি নাই। মই কোনটো অসত্য কথা কৈছো ? মোৰো এটা সত্তা আছে। মােৰ সত্তা মতে আৰু চৰকাৰী বাস্তৱ তথ্যৰ আধাৰতে মই কৈছোঁ। আনৰ নালাগে, তেওঁৰেই পূৰ্বৰ বহুত লেখা আছে। মই লৈ যাম। ব্ৰহ্মপুত্ৰৰ পানী চীনে বন্ধ কৰি দিছে, ড° হীৰেন গোহাঁয়ে মাতিছে নেকি? অসম বা অৰুণাচল প্রদেশ চৰকাৰে বন্ধ কৰি দিলে লগে লগে হাহাকাৰ লগাই দিলেহেঁতেন। যিটাে মানুহৰ অসম আন্দােলনৰ লগত কোনো সম্পর্ক নাই।
Share on Google Plus

About Unknown

0 comments:

Post a Comment