
প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই নাগৰিকত্ব আইনৰ সংশোধনেৰে হিন্দু বাংলাদেশীক সংস্থাপন দিবলৈ কেন্দ্রীয় চৰকাৰে চলোৱা ষড়যন্ত্ৰৰ বিৰুদ্ধে পুনৰ সৰৱ হ’ল। গুৱাহাটীৰ গ্ৰেণ্ড ষ্টাৰলাইন হােটেলত অনুষ্ঠিত এক সংবাদমেলত মহন্তই পৰােক্ষভাৱে এইবুলিও প্রশ্ন উত্থাপন কৰে যে প্রধানমন্ত্রী নৰেন্দ্ৰ মােড়ীয়ে গুজৰাটত খালী থকা ঠাইত কিয় হিন্দু-বাংলাদেশীক সংস্থাপিত নকৰে ? পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাজী, ত্ৰিপুৰাৰ মুখ্যমন্ত্রী মাণিক সৰকাৰে হিন্দুবাংলাদেশীক সংস্থাপিত কৰিব খোজা কার্যৰ প্ৰবল বিৰােধিতা কৰিছে। এনে পৰিস্থিতিত অসমেই হিন্দু বাংলাদেশীৰ বােজা ল’ব লাগিব, যিয়ে অসমত ভয়াৱহ পৰিস্থিতিৰ সূচনা কৰিব। মহন্তই বিষয়টাে সন্দৰ্ভত পুনৰ কয় যে অবৈধ বিদেশীয়ে টালি-টােপোলা বান্ধি যাব লাগিব বুলি ঘোষণা কৰা প্রধানমন্ত্ৰীগৰাকীয়ে এতিয়া নাগৰিকত্ব আইনৰ সংশোধনেৰে হিন্দু-বাংলাদেশীক জাপি দিবলৈহে ওলাইছে। পূর্বে বাংলাদেশক এক ইঞ্চিও মাটি নিদিও বুলি কৈ কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত প্রতিবাদ কৰাসকলেই আজি নেতা হৈ ওলোটা কাম কৰিবলৈ ওলাইছে।মহন্তই লগতে আৰু কয় যে চৰকাৰী হিচােপ অনুসৰি বাংলাদেশত সংখ্যালঘু লোক আছে প্রায় ১.৭০ কোটি। কিন্তু বেচৰকাৰী হিচাপ অনুসৰি এই সংখ্যা প্রায় তিনি কোটি হ’ব। শেহতীয়াভাৱে কেন্দ্রীয় চৰকাৰে এইসকল লোকক উদ্দেশ্য কৰি যি ‘অফাৰ’ দিছে সেয়াই চুবুৰীয়া ৰাষ্ট্ৰখনত মৌলবাদী বা আন শক্তিয়ে যিকোনাে ঘটনা সংঘটিত কৰিবলৈ সুযোগ দিব বুলি মহন্তই আশংকা প্রকাশ কৰে। মহন্তই অসম চুক্তি অনুসৰি অসমৰ সকলো অধিকাৰ সংৰক্ষিত, সুৰক্ষিত কৰিবলৈ চৰকাৰৰ প্রতি পুনৰ এবাৰ দাবী উত্থাপন কৰে।
0 comments:
Post a Comment