এতিয়ালৈ দিল্লীত আপৰ তেৰজন বিধায়কক গ্রেপ্তাৰ ::কেজৰিয়ালৰ চমৎকাৰ

নিকা শাসনৰ প্রতিশ্রুতিৰে দিল্লী শাসন লাভ কৰা কেজৰিয়ালৰ আম আদমি পাটিৰ আৰু এজন বিধায়কক কালি আৰক্ষীয়ে যটি পূজাৰ সময়ত কেইজনমান লোকক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰে। গ্রেপ্তাৰ কৰা বিধায়কজন হ’ল ঋতুৰাজ গোবিন্দ। কিৰাৰিৰ বিধায়কজনে কালি ষট পূজা উদযাপনৰ বাবে যমুনা নদীৰ পাৰত ঘাট প্রস্তুত বিতণ্ডাত আৰু মাৰপিটত লিপ্ত হৈছিল। ২০১৫ চনৰ ফেব্ৰুৱাৰীত দিল্লীত শাসনত অধিষ্ঠিত হােৱাৰ পিচৰে পৰাই গোবিন্দকে ধৰি এতিয়ালৈ আপৰ তেৰজন বিধায়কক গ্রেপ্তাৰ কৰা হৈছে। আন পোন্ধৰজন বিধায়কৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। গ্রেপ্তাৰ হােৱা ১৩ জন বিধায়কৰ ৯ জনে অৱশ্যে জামিন লাভ কৰিছে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment