ৰাজ্যিক কর্মচাৰীলৈ সুখবৰ:: মৰগীয়া বানচ ৬% বৃদ্ধি

চলিত মাহৰ পৰাই ৰাজ্য চৰকাৰৰ কর্মচাৰী সকলে তাৎক্ষণিকভাৱে বলৱৎ হােৱাকৈ লাভ কৰিব ৬ শতাংশ অতিৰিক্ত মৰগীয়া বানচ (ডি এ)। এই ঘোষণা কৰে বিত্তমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। এখন সংবাদ মেলত বিত্তমন্ত্রী ড° শৰ্মাই কয়— ‘কেন্দ্রীয় চৰকাৰে ইতিমধ্যে তেওঁলোকৰ কর্মচাৰীক অতিৰিক্ত ২ শতাংশ মৰগীয়া বানচ দিয়াৰ কথা ঘোষণা কৰিছে। সদৌ অসম কর্মচাৰী পৰিষদে এখন পত্ৰযোগে ৬ৰ পৰা ৭ শতাংশ মৰগীয়া বানচ দিয়াৰ দাবী জনাইছিল। আমি কর্মচাৰীসকলক ৬ শতাংশ মৰাগীয়া বানচ দিয়াৰ সিদ্ধান্ত লৈছোঁ। এই মৰগীয়া বানচ তাৎক্ষণিকভাৱে কার্যকৰী হােৱাকৈ নৱেম্বৰ মাহৰ পৰাই কর্মচাৰীসকলে পাব।” বিত্তমন্ত্রী ড° শৰ্মাই জানিবলৈ দিয়া মতে, দৰমহা-পেন্সনৰ নামত সম্প্রতি প্রতিবছৰে ৰাজ্য চৰকাৰৰ ব্যয় হয় ৩৩ হাজাৰ কোটি টকা। ৬ শতাংশ মৰগীয়া বানচ দিয়াৰ ফলত বছৰি অতিৰিক্ত ৩০০ কোটি টকা ব্যয় হ’ব।অহা ১৯ বা ২০ নৱেম্বৰত প্রতিবেদনখন আনুষ্ঠানিকভাৱে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে গ্রহণ কৰিব। অহা ১ এপ্রিলৰ পৰা কার্যকৰী কৰা হ’ব ইয়াক। উল্লেখ্য যে বর্তমানে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ১২৫ শতাংশ হাৰে মৰগীয়া বানচ লাভ কৰি আছে। অতিৰিক্ত ৬ শতাংশ বৃদ্ধিৰ ফলত পাবলগীয়া মৰগীয়া বানচৰ পৰিমাণ হ’ব ১৩১ শতাংশ।
Share on Google Plus

About Unknown

0 comments:

Post a Comment