চীনা সামগ্ৰী:
চীনত নিৰ্মিত সামগ্ৰীৰ বিষয়টো বৰ্তমান চৰ্চাৰ বিষয় সমূহৰ ভিতৰত এক অতি জটিল বিষয়৷ বহুতৰ মতে এই সামগ্ৰী বৰ্জন কৰিব লাগে আৰ বহুতৰ মতে ইয়াক উৎসতে বন্ধ কৰিব লাগে যাতে ভাৰতত প্ৰৱেশেই কৰিব নোৱাৰে৷ কিন্তু ই সম্ভৱ নে?
চীনা সামগ্ৰী উৎসতে কেতিয়াও বন্ধ কৰিব পৰা নাযাব, কাৰণ এখন আন্তৰাষ্ট্ৰীয় চুক্তি General Agreement on Tariffs and Trade (GATT) আছে, ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ হিচাপে এই চুক্তি মানি চলাটো দায়িত্ব আাৰু কৰ্তব্য৷ ইয়াৰ ওপৰিও ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য পদৰ বাবে ভাৰতে দাবী জনাই আহিছে, এনে এক অৱস্থাত এই চুক্তিক নিয়াৰিকৈ পালন কৰিলেহে ভাৰতৰ নীতি আৰু আদৰ্শৰ ওপৰত পৃথিৱীৰ দেশ সমূহৰ বিশ্বাস বাঢ়িব আৰু নিজৰ স্থিতিৰ ক্ষেত্ৰত সবল প্ৰকাশ কৰিব পাৰিব৷ এই চুক্তিয়ে পৃথিৱীৰ যিকোনো দেশত দেশ সমূহৰ উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ অনুমতিৰ ক্ষেত্ৰত উমৈহতীয়া সন্মতি প্ৰদান কৰিছে৷
Double Taxation Avoidance Agreement (DTAA) এইখন ভাৰত আৰু চীনৰ চৰকাৰে মিলি কৰা এখন দ্বিপাক্ষিক চুক্তি৷ ইয়াৰ দ্বাৰাই ব্যৱসায়ৰ ক্ষেত্ৰত যাতে কোনো অসুবিধা নহয় আৰু বুজাবুজিৰ দ্বাৰা কৰ সংগ্ৰহ কৰা ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে যাতে উৎপাদিত সামগ্ৰী সমূহ সহজতে বিক্ৰী কৰিব পৰা যায়৷
চীনা বস্তু সমূহৰ ব্যৱহাৰ আমাৰ মাজত এনেকৈ সোমাই গৈছে যে এইবোৰ বাদ দি জীৱন ধাৰণ কৰা অসম্ভৱ হৈ পৰিছে৷ ইয়াৰ উপৰিও বিশ্বৰ আগশাৰীৰ Brand বা নিৰ্মাতা সমূহৰ manufacturing unit সমূহ চীন দেশতেই আছে৷ বহুল ব্যৱহৃত কোম্পানী সমূহৰ ভিতৰত Lenovo,Samsung আদিৰ নিৰ্মানৰ অধিক অংশ চীনতে কৰা হয়৷ ইয়াৰ ওপৰিও ভাৰতীয় কোম্পানী যেনে Bajaj,USHA, আদিৰো শেহতীয়া manufacturing চীন দেশতেই হয়৷ পৃথিৱীৰ আগশাৰীৰ mobile phone নিৰ্মাতা Apple এ ইয়াৰ i-phone নিৰ্মানৰ unit শেহতীয়াকৈ চীনলৈ আনিছে৷ গতিকে এই সমূহ বাস্তৱিক পৰিস্থিতিলৈ চায় একে আষাৰে চীনৰ সামগ্ৰী বৰ্জন এক আবেগৰ বক্তব্যৰ বাহিৰে একো নহয়৷
চীনৰ সামগ্ৰী বৰ্জন কৰিব লাগিলে ভাৰতত এনেই পৰি থকা নিবনুৱা শক্তিটোক কামত খটাই জোৰদাৰ সামগ্ৰী উৎপাদন কৰিব লাগিব৷ দেশৰ উদ্যোগ পতি সকলে প্ৰথম অৱস্থাত কম লাভ ,অধিক উৎপাদন নীতিত গুৰুত্ব দিব লাগিব৷শেহতীয়া কাৰীকৰি কৌশলেৰে উৎপাদন কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ লগতে ন ন কাৰীকৰি কৌশলৰ বিকাশ ঘটাই উৎপাদন কৰিব লাগিব৷ ইয়াৰ অন্যথাই আমি সদায়ে Made in China বস্তুৱেই ব্যৱহাৰ কৰিব লাগিব৷,.........Rituporna Boruah
চীনা সামগ্ৰী:
0 comments:
Post a Comment