দ্বাৰিকা বৰুৱালৈ অমলপ্ৰভা দাস সর্বোদয় বঁটা




বিশিষ্ট গান্ধীবাদী নেতা দ্বাৰিকা বৰুৱালৈ ২০১৬ বৰ্ষৰ অমলপ্ৰভা দাস সর্বোদয় বঁটা আগবঢ়োৱা হৈছে। “সর্বোদয় ট্রাষ্ট’-এ গ্রহণ কৰা এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি ট্রােষ্টৰ তৰফৰ পৰা প্রকাশ কৰে যে গান্ধীজী আৰু ৱিনোৱাজীৰ একান্ত সেৱক, শুদ্ধ খাদী বস্ত্ৰ পৰিধান কৰা সর্বোদয় নেতা দ্বাৰিকা বৰুৱাক অমলপ্ৰভা দাসৰ ১০৫ সংখ্যক জন্ম দিৱসত ১২ নৱেম্বৰত শৰণীয়া আশ্ৰমত এখন ৰাজহুৱা সভাত সন্মানীয় অমলপ্ৰভা দাস সর্বোদয় বঁটা প্রদান কৰা হ’ব। নলবাৰী জিলাৰ সাগৰকুছি গাঁৱত ১৯২৩ চনৰ ২৫ জানুৱাৰীত জন্মগ্রহণ কৰা দ্বাৰিকা বৰুৱাই পাটাছাৰকুছি বিদ্যাপীঠত পঢ়ি থাকোতে ১৯৪২ চনৰ আন্দোলনত যোগদান কৰে। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ১৯৪৬ চনত প্রাইভেট পৰীক্ষার্থী হিচাপে মেট্ৰিক পৰীক্ষা দিয়ে আৰু ১৯৫২ চনৰ ৱাৰ্ধাৰ হিন্দুস্তানী তালিমিসংঘৰ পৰা স্নাতক ডিগ্ৰী লয়। তেখেতে অসহযোগ আন্দোলনত সক্রিয়ভাৱে অংশগ্রহণ কৰাৰ বাবে ১৯৪২ আৰু ১৯৪৩ চনত দুবাৰকৈ কাৰাবাস খাটিবলগীয়া হৈছিল। ১৯৭৭ চনত নলবাৰী জিলাৰ ধমধমাত তেওঁ 'গ্রাম লোক সেৱা সংঘ’ নামেৰে এটা অনুষ্ঠান গঠন কৰে আৰু বর্তমানলৈকে উক্ত অনুষ্ঠানতে থাকি সমাজৰ বিভিন্ন শ্রেণীৰ লোকৰ লগতে জনজাতীয় লোকসকলৰ কল্যাণৰ হকে সেৱা আগবঢ়াই আহিছে। অমলপ্ৰভা দাস সর্বোদয় বঁটাত আছে নগদ ২৫,০০০ টকাৰ লগতে এখন ফুলাম গামোচা, এখন শৰাই, এখন বস্ত্ৰ আৰু প্রশক্তি-পত্র।
Share on Google Plus

About Unknown

0 comments:

Post a Comment