ৰসায়ন বিজ্ঞানৰ ২০১৬ বৰ্ষৰ নোবেল বঁটা কৰ্কট ৰােগ নির্মূলত সহায়ক হােৱা বিশ্বৰ ক্ষুদ্রতম আণৱিক যন্ত্রৰ আৱিষ্কাৰেৰে ৰসায়ন বিজ্ঞানক নতুন গতি প্রদান কৰা ফ্রান্সৰ জাঁ পেৰে সৌৱেজ, ব্রিটেইনত জন্ম লাভ কৰা জে ফ্রেছাৰ ষ্ট’ডার্ট আৰু নেদাৰলেণ্ডৰ বার্নার্ড ফেৰিঞ্জালৈ আগবঢ়োৱা হৈছে। ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্সে আজি এই কথা ঘোষণা কৰিছে। নিয়ন্ত্রণক্ষম গতিবিধিৰ জৰিয়তে অণু এটাক নির্দিষ্ট প্রক্রিয়াৰে এই যন্ত্রৰ জৰিয়তে সংশ্লেষণ আৰু বিন্যাস কৰিব পাৰি। আণৱিক যন্ত্ৰটোৰ ব্যৱহাৰ কৰি শক্তিৰ মজুত পদ্ধতিৰ বাবে নতুন সামগ্ৰীৰ উন্নয়নত সহায়ক হ’ব বুলি একাডেমীৰ পৰা প্রকাশিত এটা বিবৃতিত জনাইছে। উল্লেখ্য, এই যন্ত্ৰটাে হৈছে বিশ্বৰ ক্ষুদ্রতম যন্ত্র। এডাল চুলিতকৈও ক্ষুদ্র এই যন্ত্ৰটাে মানুহৰ শৰীৰত প্রৱেশ কৰাই ঔষধ প্রয়োগ কৰিব পৰা যায়। বিশেষকৈ কর্কট ৰোগীসকলৰ কৰ্কট আক্রান্ত কোষটোত এই পদ্ধতিৰে চিকিৎসা কৰিব পৰা যাব। ১৯৪৪ চনত পেৰিছত জন্মগ্রহণ কৰা জাঁ পেৰে সৌৱেজ বর্তমান ফ্রান্সৰ ইউনিভাৰ্ছিটীি অৱ ষ্ট্ৰেছবৰ্গৰ এমেৰিটাছৰ অধ্যাপক। আনহাতে, জে ফ্লেছাৰ ষ্ট'ডাৰ্টৰ জন্ম হৈছিল ১৯৪২ চনত গ্রেট ব্রিটেইনৰ এডিনবাৰ্গত। তেওঁ বর্তমান মার্কিন যুক্তৰাষ্ট্ৰৰ নৰ্থ-ৱেষ্টার্ন ইউনিভাছিটীত কৰ্মৰত। আনগৰাকী বিজ্ঞানী বার্নার্ড ফেৰিঞ্জাৰ জন্ম হৈছিল ১৯৫১ চনত নেদাৰলেণ্ডত। নেদাৰলেণ্ডৰে ইউনিভাৰ্ছিটিী অৱ গ্রনিংগেনত জৈৱ ৰসায়ন বিজ্ঞানৰ অধ্যাপকৰূপে তেওঁ কৰ্মৰত।
Subscribe to:
Post Comments
(
Atom
)

0 comments:
Post a Comment